ডিজিটেল ডেস্কঃ চেকনীৰ আগতহে বিদ্যা থাকে বুলি কোৱা কথাষাৰ এতিয়া অৰ্থহীন। শাৰীৰিক শাস্তিৰ এলান্ধুকলীয়া নীতিক শিক্ষা ব্যৱস্থাই কোন কাহানিবাই এৰি আহিছে যদিও শেহতীয়াকৈ এনে এক কাণ্ডই জোকাৰি গৈছে সচেতন মহলক।

কেৱল শাৰিৰীক শাস্তি দিয়াই নহয়, খঙত হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা শিক্ষয়িত্ৰী এগৰাকীয়ে ছাত্ৰক বিদ্যালয়ৰ মজিয়াত চোঁচৰাই লৈ যোৱা এক ঘটনাই শিঁহৰিত কৰি তুলিছে প্ৰত্যক্ষদৰ্শীক। 

অহিঅ’ৰ য়াংছটাউন বিদ্যালয়ত নিযুক্ত শিক্ষয়িত্ৰীগৰাকীৰ এই কাণ্ড প্ৰশাসনিক বিভাগৰ কৰ্মচাৰী এগৰাকীয়ে ম’বাইল ফোনেৰে ফটো তুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাত হৈ চৈ লাগে। লগে লগে কৰ্তৃপক্ষই শিক্ষয়িত্ৰীগৰাকীক চিনাক্ত কৰি বহিস্কাৰ কৰে। অৱশ্যে ছাত্ৰ তথা শিক্ষয়িত্ৰীগৰাকীৰ নাম প্ৰকাশৰপৰা বিৰত থাকে কৰ্তৃপক্ষ।   

শিক্ষয়িত্ৰীগৰাকীক নিযুক্ত কৰা আলটা কেয়াৰ গ্ৰুপে এই সন্দৰ্ভত কয় যে উক্ত শিক্ষয়িত্ৰীগৰাকীৰ কাৰ্যকলাপে গ্ৰুপৰ নীতি-আদৰ্শ প্ৰতিফলিত নকৰে। আলটাৰদ্বাৰা নিযুক্ত শিক্ষকসকল খুবেই পেছাদাৰী আৰু মূল্যবোধসম্পন্ন।