ডিজিটেল ডেস্কঃ ফেচবুক, হোৱাটচ আপ আদি বিভিন্ন ছ’চিয়েল মিডিয়াত কৌতুক, ৰগৰ আদি শ্বেয়াৰ কৰোতে সাৱধান৷ কিয়নো এনে পোষ্টৰ বাবে ৰঙাঘৰৰ ভাত খাব লগা হোৱাতো বাদেই, কেতিয়াবা আকৌ সপোনৰ বিশ্ববিদ্যালয় এখনৰ পৰাও বাহিৰ হ’বলগীয়াত পৰিব পাৰে আপুনি৷ 

এনেই ঘটনা ঘটিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত আসন পোৱা দহ জন ছাত্ৰৰ ক্ষেত্ৰত৷ হাৰ্ভাডত নামভৰ্তি কৰিও দুৱাৰমুখৰপৰাই উলটিব লগা হ’ল উক্ত ছাত্ৰকেইজন৷

বিশ্ববিদ্যালয়খনৰ কেম্পাচ বাতৰি কাকত হাৰ্ভাৰ্ড ক্ৰিমচনত প্ৰকাশ পোৱা মতে ফেচবুকৰ প্ৰাইভেট গ্ৰুপ এটাত উক্ত ছাত্ৰকেইজনে আপত্তিজনক ৰগৰ কৰাৰ বাবেই এনেদৰে বিশ্ববিদ্যালয়খনে ছাত্ৰকেইজনৰ নামভৰ্তি বাতিল কৰে৷ 

দৰাচলতে উক্ত ছাত্ৰকেইজনে হাৰ্ভাডৰ ছাত্ৰীক লৈ আপত্তিজনক মন্তব্য আগবঢ়াইছিল৷ তদুপৰি শিশু এটিক ফাঁচি দিয়াক টেকেলী ভঙা প্ৰতিযোগীতৰ আনন্দৰ সৈতে ৰিজোৱাৰ দৰে অমানুষিক তৃপ্তিৰ কথা ফেচবুকত শ্বেয়াৰ কৰিছিল ছাত্ৰকেইজনে৷ 

এনেদৰে শিশু নিৰ্যাতন, যৌন আতিশায্য আদি বিষয়ৰ ওপৰত ফেচবুকৰ গ্ৰুপত কৰা পোষ্টৰ বাবেই সপোনৰ বিশ্ববিদ্যালয়খনত পঢ়াৰ সুযোগ হেৰুৱাব লগা হ’ল ছাত্ৰকেইজনে৷