newsnextone.com | নগাঁওঃ কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰাৰ্থনাৰে মুখৰিত হ'ল চামগুৰিৰ বালিজুৰি। শুকুৰবাৰে পুৱতি নিশা বালিজুৰি কাজিৰঙা প্ৰাথমিক বিদ্যালয়ত লাডেন নামৰ এটা বন্যহস্তীয়ে সন্ত্ৰাস চলাই বিদ্যালয় গৃহটো ভাঙি তচনচ কৰিছিল। তাৰ পাছতেই নিঃশেষ হব ধৰা বিদ্যালয় গৃহটো ৰক্ষা কৰিবৰ বাবে শুকুৰবাৰে দুপৰীয়া বিদ্যালয়ৰ পাঠদানৰ অন্তত ছাত্ৰ-ছাত্ৰীয়ে ধুপ-দ্বীপ, কাকূতি ঘোষাৰে গনেশ দেৱতালৈ আগবঢ়ালে পূজা।

ছাত্ৰ-ছাত্ৰী সকলে গনেশ দেৱতালৈ পূজা আগবঢ়াই তেওঁলোকৰ মৰমৰ বিদ্যালয়খন আৰু যাতে বন্যহস্তীয়ে ক্ষতিসাধন নকৰে তাৰেই প্ৰাৰ্থনা কৰিলে। উল্লেখ্য যে, বিগত দুটামাহত তিনিবাৰকৈ বিদ্যালয় গৃহটি বন্যহস্তীয়ে ভাঙি তচ-নচ কৰাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এতিয়া শংকিত হৈ ছাত্ৰ-ছাত্ৰীয়ে আগবঢ়াই এই পূজা।

আনহাতে, বন্যহস্তীয়ে বিদ্যালয় গৃহটি ভাঙি শেষ কৰাত বিধ্বস্ত বিদ্যালয় গৃহটত যিকোনো সময়ত স্থানীয় ৰাইজে ভাঙি যোৱাৰ আশংকা কৰিছে যদিও শিক্ষা বিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়াত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।