ডিজিটেল ডেস্ক,২৭ চেপ্টেম্বৰঃ মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ শোকাৱহ দূৰ্ঘটনা৷সাতুৰিবলৈ গৈ নিখোজ হোৱা ৩জন ছাত্রৰ মৃতদেহ উদ্ধাৰ হৈছে৷আন এজন এতিয়াও নিখোজ হৈয়ে আছে৷

দেওবাৰে দুপৰীয়া ব্রহ্মপুত্রৰ বুকুত একেলগে সন্ধানহীন হৈ পৰিছিল চাৰিজনকৈ ছাত্র।ইয়াৰে ইতিমধ্যে ৩জন ছাত্রৰ মৃতদেহ উদ্ধাৰ হৈছে।প্ৰচণ্ড গৰমৰ বাবে টিউচন কৰি ব্রহ্মপুত্রত গা ধুবলৈ গৈছিল ছাত্রকেইজন।এতিয়াও সন্ধানহীন আন এজন ছাত্ৰ।
পাণ্ডু ঘাটত উদ্ধাৰ হৈছিল সন্ধানহীন ছাত্রকেইজনৰ স্কুল বেগ আৰু জোতা।পৰিয়ালৰ লোকে চিনাক্ত কৰে বেগ আৰু জোতা।
সন্ধানহীন ছাত্র কেইজন আছিল দয়াল শ্বেখ, অভিনাশ দাস, জিৎ দাস আৰু দ্বীপ সৰকাৰ৷ইয়াৰে উদ্ধাৰ হৈছে দয়াল শ্বেখ, জিৎ দাস, আৰু দ্বীপ সৰকাৰৰ মৃতদেহ।

আনহাতে অভিনাশ দাসৰ সন্ধানত বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে SDRF বাহিনীয়ে

আটাইকেইজন ছাত্ৰ দশম শ্ৰেণীত অধ্যয়নৰত আছিল।

বাৰে বাৰে ঘটি থকা এনে দূৰ্ঘটনাবোৰৰ পৰা সচেতন নহলে এনে দূৰ্ঘটনাত আমাৰ আপোনবোৰক আমি বাৰে বাৰে হেৰুৱাইয়ে থাকিম৷এই ঘটনাই পাণ্ডু অঞ্চলত শোকৰ ছাঁ পেলাইছে৷