anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিপৰীতে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি খবৰ ওলাইছে৷ বিজেপি-পিডিপিৰ চৰকাৰ ভংগ হোৱাৰ পিছতে পিডিপিৰ একাংশ বিধায়কে বিজেপিত যোগদান কৰিব খুজিছে বুলি খবৰ প্ৰচাৰ হৈ আহিছে৷ পিডিপিৰ কেইবাজনো বিধায়কে বিজেপিৰ সৈতে কথা-বতৰা পাতি থকা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হয়৷ ইয়াৰ মাজতে বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়াম স্বামীয়ে বিশেষ মন্তব্য প্ৰকাশ কৰে৷ স্বামীয়ে জম্মু কাশ্মীৰত কোনো হিন্দু লোকক মুখ্যমন্ত্ৰী বনাব লাগে বুলি কয়৷  

বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়াম স্বামীয়ে এএনআইক দিয়া সাক্ষাৎকাৰত কয় যে জম্মু কাশ্মীৰত কোনো হিন্দুক মুখ্যমন্ত্ৰী বনাব লাগে৷ যদি পিডিপিত কোনো হিন্দু নতুবা শিখ নেতা আছে তেন্তে তেওঁক আমি মুখ্যমন্ত্ৰী বনাব পাৰােঁ৷ জম্মু কাশ্মীৰক কোনো মুছলমানেই মুখ্যমন্ত্ৰী হ’ব পাৰিব, জৱাহৰলাল নেহেৰুৰ এই নীতি সহ্য কৰা নহ’ব৷ 

ইণ্ডিয়ান মুছলিম পাৰ্চনেল ল’ বৰ্ডে দেশৰ সকলো জিলাত সুকীয়া শ্বৰিয়াত আদালত স্থাপনৰ দাবী সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি স্বামীয়ে এয়া দেশ বিভাজন কৰাৰ ষড়যন্ত্ৰ আখ্যা দিয়ে৷ দেশত কেৱল এক আইন ব্যৱস্থা আৰু সংবিধান আমাৰ নিৰ্দেশক ইয়াৰ বাহিৰে কোনো কথাই স্বীকাৰ কৰা নহ’ব বুলি কয়৷
চৰকাৰে এনে চেষ্টাৰ বিৰুদ্ধে তদন্ত কৰিব লাগে৷ তেনে লোকক গ্ৰেপ্তাৰ কৰিব লাগে বুলি কয় স্বামীয়ে৷

বিজেপি নেতাগৰাকীয়ে কেন্দ্ৰৰ মোডী চৰকাৰক প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ পুনৰ ৫ বছৰৰ কাৰ্যকাল দিয়াৰ দৰকাৰ বুলি কয়৷ তেওঁ দেশৰ অৰ্থনৈতিক স্থিতি ভাল নহয় বুলি কোৱাৰ লগতে তেওঁ নিজে বিত্তমন্ত্ৰী নহয় বুলি কয়৷ নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছৰ নেতাক ‘বেল গাড়ী’ বুলি আখ্যা দিয়া সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি স্বামীয়ে কয় যে ‘বেল গাড়ী’ এতিয়া ‘তিহাৰ-বিহাৰ’ কৰিবলৈ গৈ আছে৷ কংগ্ৰেছৰ সকলো ভ্ৰষ্টচাৰীক জেললৈ প্ৰেৰণ কৰিম৷ কিয়নো তেওঁলোকৰ আগন্তুক কাৰ্যকৰী সভা তিহাৰ জেলত অনুষ্ঠিত কৰিব পাৰিব৷