newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিপৰীতে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি খবৰ ওলাইছে৷ বিজেপি-পিডিপিৰ চৰকাৰ ভংগ হোৱাৰ পিছতে পিডিপিৰ একাংশ বিধায়কে বিজেপিত যোগদান কৰিব খুজিছে বুলি খবৰ প্ৰচাৰ হৈ আহিছে৷ পিডিপিৰ কেইবাজনো বিধায়কে বিজেপিৰ সৈতে কথা-বতৰা পাতি থকা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হয়৷ ইয়াৰ মাজতে বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়াম স্বামীয়ে বিশেষ মন্তব্য প্ৰকাশ কৰে৷ স্বামীয়ে জম্মু কাশ্মীৰত কোনো হিন্দু লোকক মুখ্যমন্ত্ৰী বনাব লাগে বুলি কয়৷
বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়াম স্বামীয়ে এএনআইক দিয়া সাক্ষাৎকাৰত কয় যে জম্মু কাশ্মীৰত কোনো হিন্দুক মুখ্যমন্ত্ৰী বনাব লাগে৷ যদি পিডিপিত কোনো হিন্দু নতুবা শিখ নেতা আছে তেন্তে তেওঁক আমি মুখ্যমন্ত্ৰী বনাব পাৰােঁ৷ জম্মু কাশ্মীৰক কোনো মুছলমানেই মুখ্যমন্ত্ৰী হ’ব পাৰিব, জৱাহৰলাল নেহেৰুৰ এই নীতি সহ্য কৰা নহ’ব৷