58
ডিজিটেল ডেস্কঃ ৰমজানৰ আৰম্ভণিৰ দিনটোতে সন্ত্ৰাসবাদীৰ নৃশংসতাত কঁপিল আফগানিস্তান৷ দেশখনৰ খোষ্ট চহৰত এক আত্মঘাতী গাড়ীৰ বিস্ফোৰণত প্ৰায় ১৮ গৰাকী লোকৰ মৃত্যু৷
তালিবানে এই আক্ৰমণৰ দায়িত্ব লোৱা বুলি দেশখনৰ আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ নিহত লোকসকলৰ ভিতৰত শিশুও আছে৷ উল্লেখযোগ্য যে আজিৰ পৰা দেশখনত আৰম্ভ হৈছে ৰমজান মাহ৷