55
ডিজিটেল ডেস্কঃ আফগানিস্থানৰ ৰাজধানী চহৰ কাবুলত হোৱা এক সন্ত্ৰাসবাদী কুটাঘাটত ৪ জনকৈ লোক নিহত হোৱাৰ লগতে ২২ জন লোক আহত হৈছে। NATO ৰ সেনাৰ পল্টনক লক্ষ্য কৰি হোৱা এই আত্মঘাটী বোমা বিস্ফোৰণ ৰাজধানীস্থিত মাৰ্কিন দূতাবাসত সংঘটিত হয়।
চহৰখনৰ এক ব্যস্ত পৰিৱেশত পুৱাৰ ভাগত এই বিস্ফোৰণ নাটোৰ সেনাৰ বাবে খাদ্যবস্তু কঢ়িওৱা গাড়ীৰ সমীপত হয়। বিস্ফোৰণত কোনো বিদেশী সেনাৰ মৃত্যু হৈছে নেকি, সেয়া জানিবপৰা হোৱা নাই।