গোলকগঞ্জঃ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত ধুতুৰামাৰীস্থিত “মানৱ কল্যান আৰ্থ-সামাজিক উন্নয়ন” নামৰ বে-চৰকাৰী সংস্থা এটাৰ উদ্যোগত এখন উদ্ধোধনী সভাৰ জৰিয়তে বিনামুলীয়া পাঠদান শিবিৰ আৰম্ভ হৈছে। 

বিনামুলীয়া পাঠদান শিবিৰৰ আজিৰ উদ্ধোধনী সভাখনৰ সভাপতিত্ব কৰে হাতীধুৰা হাই মাদ্ৰাছাৰ প্ৰধান শিক্ষক নুৰ ইছলাম সেখে। বে-চৰকাৰী সংস্থাটোৰ সম্পাদক নুৰ আমিন সেখ আৰু উপ-সভাপতি আনিচুৰ ৰহমান সেখে জানিব দিয়া মতে তামাৰহাট অঞ্চলৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ বাবে সম্পুৰ্ন গৰমৰ বন্ধত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক মুঠ তিনিটা বিষয়ত বিনামুলীয়া পাঠদান দিয়াৰ বাবে আঠজন শিক্ষকক নিযুক্ত কৰিছে।

গণিত¸ বিজ্ঞান¸ আৰু ইংৰাজী- এই তিনিটা বিষয়ত পাঠদান দিয়াৰ বাবে বিভিন্ন অঞ্চলৰ আঠজন শিক্ষকৰ ভিতৰত গণিত বিষয়ত ফইজুল হক চৌধুৰি¸ জয়ন্ত দাস¸ বিজ্ঞান বিষয়ত ইনামুল হক¸ মতিয়ৰ ৰহমাস¸ আৰু ইংৰাজী বিষয়ত  গৌতম ৰায়¸ আশ্ৰাফুল হক মোল্লা¸ আব্দুল মালেক আৰু বিমল চন্দ্ৰ ৰায়ক পাঠদান দিয়াৰ বাবে নিযুক্ত কৰিছে। 

উদ্ধোধনী অনুষ্ঠনৰ কাৰ্যসুচী মতে সভাত উপস্তিত থকা আমন্ত্ৰিত অতিথি¸ প্ৰায় ডেৰ সতাধিক ছাত্ৰ-ছাত্ৰী¸ আৰু সংস্থাটোৰ সদস্যৰ দ্বাৰা বৃক্ষ ৰোপন কাৰ্যসুচীৰে শিবিৰ আৰম্ভ হয়। 

ধুতুৰামাৰী এম¸ ই মাদ্ৰাছাত অনুষ্টিত বিনামুলীয়া পাঠদান শিবিৰৰ উদ্ধোধনী সভাখনত উপস্তিত থাকে এম.ই. মাদ্ৰাছাখনৰ প্ৰধান শিক্ষৰ আনোৱাৰ হোছেন¸ বে-চৰকাৰী সংস্থাটোৰ সদস্য ছাইদুল ইছলাম ৰাকেশ¸ মহিবুল হক¸ আনোৱাৰ হোছেইন আৰু আব্দুল মালেক সেখৰ লগতে স্থানীয় কেইবাজন বিশিষ্ট ব্যত্তিয়ে।