দীঘলীয়া অপেক্ষাৰ অন্ত! অসীম শূন্যতাত ৯ মাহ যাপনৰ অন্তত অৱশেষত পৃথিৱীত ভৰি দিলে ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুচ উইলম’ৰে। আমেৰিকান পুঁজিপতি ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ড্ৰেগন কেপচুলত উঠি নিৰাপদে পৃথিৱীলৈ উভতি আহিল তেওঁলোক।

যোৱা বছৰৰ জুনত মাত্ৰ আঠটা দিনৰ বাবে মহাকাশলৈ গৈছিল সুনীতা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আঠ দিন পাৰ কৰি তেওঁলোক পুনৰ পৃথিৱীলৈ উভতি অহাৰ কথা আছিল যদিও শেষত সেয়া নহ’লগৈ। বয়িঙৰ ষ্টাৰলাইনাৰ কেপচুলত হোৱা কাৰিকৰী বিজুতিৰ বাবে বাৰে বাৰে তেওঁলোকে পৃথিৱী আগমণৰ দিন পিছুৱালৈ বাধ্য হয়। আৰু এনেদৰেই মহাকাশৰ বুকুত দিনে চাৰিবাৰকৈ সূৰ্যোদয়-সূৰ্যাস্ত দেখি তেওঁলোকে পাৰ কৰিবলগীয়া হয় ৯ টা দীঘলীয়া মাহ। অৱশেষত নাছাৰ প্ৰচেষ্টা আৰু ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ড্ৰেগন কেপচুলে তেওঁলোকক নিজৰ মাটিলৈ ওভতাই আনে। 

সাগৰৰ কোলাত স্প্লেচডাউন, উষ্ম আদৰণি ডলফিনৰ দলৰ

ভাৰতীয় সময় অনুসৰি পুৱা ৩:২৭ বজাত ফ্ল’ৰিডাৰ উপকূলৰ সাগৰত অৱতৰণ কৰে ড্ৰেগন কেপচুল। লগে লগে ডলফিনৰ দল এটাই কেপচুলৰ চাৰিওফালে ঘূৰিবলৈ আৰম্ভ কৰা প্ৰত্যক্ষ হয়। এয়া যেন মহাকাশচাৰী কেইজনক পৃথিৱীৰ বুকুলৈ আদৰণি আছিল ডলফিনৰ দলৰ!

ড্ৰেগন কেপচুল অৱতৰণৰ ঠিক পিছতে নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰা এটা উত্তেজিত মাত ভাহি আছে- "নিক, এলেক, বুচ, সুনি... স্পেচএক্সৰ পৰা ঘৰলৈ উষ্ম আদৰণি জনাইছো!" ইয়াৰ পিছত কমাণ্ডাৰ নিক হেগেও হাঁহি হাঁহি কয়, “সকলোৰে মুখৰ হাঁহিৰে কেপচুলটো ভৰি পৰিছে।”

ঘণ্টাত ১৭,০০০ মাইল বেগত ভয়ংকৰ পতন, তাৰ পিছত শান্ত সাগৰ

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিবলৈ সুনিতা, বুচ আৰু তেওঁলোকৰ সহযোগী মহাকাশচাৰীসকলক প্ৰয়োজন হৈছিল দীঘলীয়া ১৭ ঘণ্টা সময়। এই ওভতনি যাত্ৰা যিমানেই ৰোমাঞ্চকৰ আছিল, সিমানেই আছিল বিপজ্জনকো।ড্ৰেগন কেপচুলটোৱে ঘণ্টাত ১৭,০০০ মাইল বেগত গৈ থকা অৱস্থাত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল! কিন্তু মাত্ৰ কেইটামান মিনিটৰ ভিতৰত এই গতি হ্ৰাস পায়।

এই দীঘলীয়া যাত্ৰাৰ পূৰ্বে সুনীতা উইলিয়ামছ, বুচ উইলম’ৰ, নিক হেগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভে যোৱা মঙলবাৰে ষ্টেচনত থকা আন মহাকাশচাৰীসকলক বিদায় দিছিল। নিক আৰু গৰ্বুনভে ছমাহৰ অভিযানত মহাকাশলৈ গৈছিল যদিও সুনিতা আৰু বুচৰ বাবে এই ভ্ৰমণ অতিৰিক্ত প্ৰত্যাহ্বানজনক বুলি প্ৰমাণিত হৈছিল।

২০০০ ডিগ্ৰী জুইৰ ধুমুহা, তাৰ মাজত জীৱনৰ সংগ্ৰাম

যেতিয়া কেপচুলটো পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল তেতিয়া কিছু সময়ৰ বাবে মাটিৰ সৈতে বিচ্ছিন্ন হৈ পৰিছিল যোগাযোগ। পিছত পুৱা প্ৰায় ৩:২০ বজাত পুনৰ যোগাযোগ স্থাপন কৰা হৈছিল। বায়ু মণ্ডলত প্ৰৱেশৰ সময়ত কেপচুলটোক আগুৰি থকা প্লাজমা শ্বিল্ডৰ উষ্ণতা হৈ পৰিছিল ১৯২৭ ডিগ্ৰী চেলছিয়াছ! অত্যন্ত গৰমৰ বাবেই যোগাযোগ কিছু সময়ৰ বাবে হেৰাই গৈছিল। কিন্তু শক্তিশালী হিট শ্বিল্ডৰ বাবে মহাকাশচাৰীসকল সুকলমে ৰক্ষা পৰে। 

ঠিক ৩:২১ বজাত কেপচুলটো সম্পূৰ্ণ স্বয়ংচালিত অৱস্থাত উপনীত হয়। মহাকাশচাৰীসকলে মাত্ৰ সন্মুখৰ টাচস্ক্ৰীণত সকলো নিৰীক্ষণ কৰি আছিল। কেইমিনিটমান পিছত ৩:২৪ বজাত প্ৰথম দুটা ডাঙৰ পেৰাচুট খোল খায়, যাৰ ফলত কেপচুলটোৰ গতি হ্ৰাস পায়। সেই সময়ত এটা প্ৰচণ্ড জোকাৰণিৰ বাবে গতি অধিক হ্ৰাস পায়। তাৰ পাছত আৰু দুটা পেৰাচুট খোল খায়, যাৰ ফলত কেপচুলটো অতি লাহে লাহে সাগৰৰ মাজলৈ নামি আহে।

অৱতৰণৰ লগে লগে আৰম্ভ উদ্ধাৰ অভিযান

কেপচুলটোৱে পানীত নমাৰ পিছতে স্পেচএক্সৰ উদ্ধাৰকাৰী দলটোৱে দ্ৰুতগতিত কেপচুলটোৰ কাষত উপস্থিত হয়। প্ৰথমে খৰখেদাকৈ পেৰাচুট খুলি দিয়া হয়, সেই সময়ত আকাশ সম্পূৰ্ণ পৰিস্কাৰ আছিল, নীল সমুদ্ৰৰ ডলফিনবোৰে আপোন বিভোৰ হৈ আদৰণি জনাইছিল বন্দীত্বৰ অৱসান ঘটাই উভতি অহা মহাকাশচাৰী সকলক। 

পিছত মাত্ৰ দুমাইল দূৰৈত ৰৈ থকা স্পেচএক্সৰ উদ্ধাৰ জাহাজলৈ ৰছী ব্যৱহাৰ কৰি সাগৰৰ পৰা নিৰাপদে কেপচুলটো তুলি লোৱা হয়। ইয়াৰ পিছত আৰম্ভ হয় মহাকাশচাৰী সকলক বাহিৰলৈ উলিয়াই অনাৰ প্ৰক্ৰিয়া।

মুক্ত আকাশৰ তলত বাধাহীন উশাহ...

অৱশেষত ড্ৰেগন কেপচুলৰ দুৱাৰখন খোল খালে। ইয়াৰ পিছতে এক দীঘলীয়া প্ৰতীক্ষাৰ অন্তত মুক্ত আকাশৰ তলত উশাহ ল’বলৈ সুযোগ লাভ কৰে। নাছাৰ লাইভ সম্প্ৰচাৰৰ জৰিয়তে বিশ্বৰ লাখ লাখ লোকে এই শুভ মুহূৰ্তৰ সাক্ষী হৈছিল।

ক্ৰু-৯ মিছনৰ কমাণ্ডাৰ নিক হেগে প্ৰথমে কেপচুলৰ পৰা ওলাই আহি কেমেৰালৈ চাই হাঁহে, তাৰ পিছত হাত জোকাৰি সকলোকে ধন্যবাদ জনায়। তাৰ পিছত সুনীতা, বুচ আৰু তেওঁলোকৰ লগৰ কেইজন এজন এজনকৈ কেপচুলৰ পৰা ওলাই আহে কেমেৰালৈ চাই সমগ্ৰ বিশ্বক অভিবাদন জনায়।

মহাকাশচাৰীসকল সুস্থ

নাছাৰ কমাৰ্চিয়েল ক্ৰু প্ৰগ্ৰেমৰ মেনেজাৰ ষ্টিভ ষ্টিচে কয় যে মহাকাশচাৰীসকল সুস্থ। তেওঁলোকক কিছু সময়ৰ বাবে উদ্ধাৰ জাহাজত ৰখা হ’ব, তাৰ পিছত হিউষ্টনলৈ লৈ যোৱা হ’ব। এদিনৰ পিছত পৰিয়ালক লগ কৰিবলৈ দিয়া হ’ব। ইফালে তেওঁলোকৰ চিকিৎসা পৰীক্ষা সম্পূৰ্ণ হ’ব আৰু তেওঁলোকে জিৰণি ল’বলৈ ছুটীত যাব।

ইফালে, নাছাৰ মহাকাশ অভিযানৰ উপ-সঞ্চালক জোৱেল মন্টালবানোৱে কয় যে, ‘সুনিতা আৰু বুচে মহাকাশত ৯০০ ঘণ্টাত ১৫০টা বৈজ্ঞানিক পৰীক্ষা চলাইছিল।’ এই পৰীক্ষাসমূহে পৰৱৰ্তী সময়ত মঙল গ্ৰহ অভিযানত যথেষ্ট সহায় কৰিব বুলিও মন্তব্য কৰে জোৱেলে।

স্থানৰ চাপ, শৰীৰত কিমান প্ৰভাৱ পেলায়?

ন মাহৰ মহাকাশ জীৱনে শৰীৰত কিমান প্ৰভাৱ পেলাব পাৰে? বিজ্ঞানীসকলে কয় যে সাধাৰণতে মহাকাশচাৰীসকলে মহাকাশত ছমাহতকৈ অধিক সময় নাথাকে যদিও সুনীতা আৰু বুচে তাত বহু সময় কটাবলগীয়া হৈছিল।

দৈনিক চাৰি ঘণ্টা ধৰি ব্যায়াম কৰিলেও শূন্য মাধ্যাকৰ্ষণ শক্তিয়ে হাড় আৰু পেশী দুৰ্বল কৰি তোলে। তদুপৰি ৰক্ত সঞ্চালন, চকুৰ দৃষ্টিশক্তি, বিকিৰণৰ প্ৰভাৱেও শৰীৰৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। কিন্তু পৃথিৱীলৈ ঘূৰি অহাৰ পিছত বেছিভাগ পৰিৱৰ্তন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

ব্ৰিটিছ মহাকাশচাৰী টিম পিকে কয়, "পৃথিৱীলৈ উভতি অহাৰ পিছত শৰীৰে জিৰণি ল'বলৈ সংকেত পাব লাগে। প্ৰথম কেইদিনমান অতি কঠিন। কিন্তু সময়ৰ লগে লগে শৰীৰ পুনৰ অভ্যস্ত হৈ পৰে।"

মহাকাশত ৯ মাহ কটোৱাৰ পিছত এতিয়া সুনীতা, বুচৰ আৰম্ভ হৈছে পৃথিৱীত এক নতুন জীৱন। বহু সময় অপেক্ষাৰ অন্তত অৱশেষত সুনীতা আৰু তেওঁৰ সংগীসকল আকৌ চিনাকি নীলা আকাশখনৰ তলত উপস্থিত হৈছে, য’লৈ তেওঁলোকে উভতি অহাৰ সপোন দেখিছিল।

সুনীতাক ঘূৰাই অনাৰ আঁৰত এগৰাকী অসম সন্তান!

সুনীতা উইলিয়ামছক পৃথিৱীলৈ উভতাই অনাৰ আঁৰত আছে এগৰাকী অসমীয়া। নাম তেওঁৰ ভৱানী শৰ্মা। দৰং জিলাৰ ছিপাঝাৰৰ হাজৰিকাপাৰা গাঁৱৰ ভবানী শৰ্মা ড্ৰেগন কেপচুল প্ৰকল্পৰ সৈতে আৰম্ভণিৰে পৰা জড়িত আছিল। অসমৰ এক ভিতৰুৱা অঞ্চলৰ পৰা বিশ্বমঞ্চলৈ যোৱা ভৱানী শৰ্মাৰ যাত্ৰাই অসমৰ যুৱক-যুৱতীসকলক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িবলৈ পথ দেখুৱাইছে। 

বিশেষকৈ গ্ৰাম্য পৰ্যায়ৰ পৰা ওলাই উচ্চশিক্ষা আৰু দক্ষতাৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাত স্থান লাভ কৰাটোৱে সম্ভাৱনাৰ নতুন দুৱাৰ মেলিছে। স্থানীয় বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ শিক্ষা আৰু পিছলৈ স্পেচ-এক্সৰ দৰে সংস্থালৈকে তেওঁৰ যাত্ৰা হৈ পৰিছে পৰিশ্ৰম আৰু লক্ষ্য প্ৰাপ্তিৰ প্ৰতীক। এই সাফল্যৰ খবৰে দৰং জিলাবাসীৰ লগতে সমগ্ৰ অসমবাসীকে উৎফুল্লিত কৰি তুলিছে। স্থানীয় বাসিন্দা, শিক্ষক, আৰু যুৱ সমাজে ভবানী শৰ্মাক অসমৰ গৌৰৱ বুলি গণ্য কৰি তেওঁৰ সফলতাত উৎসাহী হৈ পৰিছে। 

দৰং জিলাৰ উপায়ুক্তই এই সন্দৰ্ভত কয়, ''এয়া আমাৰ মাটিৰ সন্তানৰ বাবে এক অভূতপূৰ্ব সাফল্য। তেওঁৰ জীৱনৰ পৰা অনুপ্ৰাণিত হৈ অসমৰ যুৱপ্ৰজন্মে নিজৰ সপোনৰ পিছত ধাবমান হ’ব। স্পেচ-এক্সত ভবানী শৰ্মাৰ যোগদান কেৱল ব্যক্তিগত সাফল্যেই নহয়, বৰং অসমৰ পৰা বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়া প্ৰতিভাৰ সম্ভাৱনাক ইংগিত দিছে। ইয়াৰ আগতে ইছৰোৰ দৰে সংস্থাতো অসমীয়া বিজ্ঞানীসকলে অৱদান আগবঢ়াইছে। ভবানীৰ সাফল্যয়ে এই ধাৰাটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰিলে।’’ 

সামাজিক মাধ্যমৰ পৰা ৰাজনৈতিক নেতৃত্বলৈকে সকলো শ্ৰেণীৰ লোকেই ভৱানী শৰ্মাক শুভেচ্ছা জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সযোগে লিখিছে, ‘অসমীয়া যুৱক-যুৱতীসকলৰ অসীম সম্ভাৱনা। ভৱানী শৰ্মাৰ সাফল্যই আমাক সকলোকে গৌৰৱান্বিত কৰিছে। ভৱানী শৰ্মাৰ জীৱনৰ সাফল্যই সেয়া প্ৰমাণ কৰিছে যে পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰে যিকোনো লক্ষ্যত উপনীত হ’ব পাৰি। মহাকাশ বিজ্ঞানৰ দৰে জটিল ক্ষেত্ৰতো অসমীয়াই নিজৰ পৰিচয় ৰাখিব পাৰে বুলি প্ৰমাণ কৰিছে৷ দৰঙৰ মাটিৰ পৰা ওলোৱা এই তৰাৰ উজ্জ্বলতাই যেন অসমৰ প্ৰতিখন গাঁৱৰ সপোনক আলোকিত কৰে।’’