Home Support

Support

: BANK DETAILS :

BIKALPA MEDIA
Union Bank of India, Hatigaon Branch
A/C No: 551801010050756
IFSC: UBIN0555185

স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহযোগিতা…

এই সময় সাংবাদিকতাৰ বাবে এক কঠিন সময়। সৰ্বত্ৰে ৰাজনীতিবিদ আৰু বৃহৎ বণিকগোষ্ঠীৰ হাতোৰাত বন্দী হৈ পৰিছে সংবাদ মাধ্যম। যাৰ বাবে এতিয়া সূদুৰ পৰাহত আপোচহীন সাংবাদিকতা। জীৱন ধাৰণৰ বাবে সাংবাদিকে ৰাজনৈতিক নেতা অথবা বণিকগোষ্ঠীৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে চিন্তা আৰু বিবেক। এনে এক কঠিন সময়তো সাংবাদিকসকলে যাতে মূৰ দাঙি সাংবাদিকতা কৰিব পাৰে তাৰ বাবেই বিশ্বৰ সৰ্বত্ৰে আৰম্ভ হৈছে এক নীৰৱ আন্দোলন- স্বতন্ত্ৰ আৰু নন-প্ৰফিট সাংবাদিকতা। 

হেজাৰ প্ৰলোভন আৰু বাধা-বিঘিনিকো নেওচি আপোচবিহীন সাংবাদিকতাৰ হকে বিশ্বব্যাপী গঢ়ি হৈ উঠা এই আন্দোলনত সক্ৰিয়ভাৱে চামিল হৈ অসম তথা উত্তৰ-পূবত এই আন্দোলনক আগুৱাই নিবলৈ সাজু হৈছে News Next One। সেই দিশৰ পৰা News Next One হৈছে অসমৰ প্ৰথমটো Independent & Nonprofit সংবাদ প্ৰতিষ্ঠান৷ News Next Oneৰ এই বিপদসংকুল যাত্ৰাত সততা আৰু দায়ৱদ্ধতাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ’ব পাৰে অংশীদাৰ।

News Next Oneএ অসমৰ সংবাদ ক্ষেত্ৰখনৰ সৈতে আনুষ্ঠানিকভাৱে এই ধাৰাক পৰিচয় কৰাই দিয়াৰ লক্ষ্য হাতত লৈছে। ২০১৬ চনৰ অক্টোবৰ মাহত প্ৰতিষ্ঠা হোৱা ডিজিটেল সংবাদ প্ৰতিষ্ঠানটোৱে বিভিন্ন ঘাত-প্ৰতিঘাটৰ মাজেৰে এই পদক্ষেপ হাতত লৈয়ে অগ্ৰসৰ হৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিটত সন্মুখীন হোৱা তীব্ৰ আৰ্থিক সংকটৰ বাবে মাজে মাজে পৰ্টেলটোত বাতৰি প্ৰকাশ অনিয়মীয়া কৰিবলগীয়া হৈছে। তাৰ মাজতে একাংশ শুভকাংক্ষী ৰাইজৰ সহায়-সহযোগিতাত প্ৰকৃতাৰ্থত ৰাইজৰ হকে বাতৰি পৰিৱেশন কৰি গৈছে News Next Oneৰ প্ৰতিজন সাংবাদিকে। 

কি এই স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতা?

বিশ্বৰ আগশাৰীৰ ইংৰাজী দৈনিক ‘দ্য গাৰ্ডিয়ান’ৰ কাৰ্যবাহী সম্পাদক Lee Glendinning-এ কৈছে যে ‘In this new world, now is the time to support fearless, independent journalism’ অৰ্থাৎ ‘এই নতুন পৃথিৱীত এয়াই হৈছে আপোচহীন, স্বতন্ত্ৰ সাংবাদিকতালৈ সমৰ্থন আগবঢ়োৱাৰ সময়’। তেওঁ আৰু কৈছে যে ৰাজনৈতিক নেতা বা বৃহৎ বণিক গোষ্ঠীৰ অধীনত কোনোপধ্যে আপোচহীন সাংবাদিকতা কৰাতো সম্ভৱ নহয়। 

সেয়ে বিশ্বৰ বহুসংখ্যক সাংবাদিকে ৰাজনৈতিক নেতা আৰু বৃহৎ বণিকগোষ্ঠীৰ ছত্ৰছায়াৰ পৰা ওলাই আহি আৰম্ভ কৰিছে এক নীৰৱ আন্দোলন। এই নীৰৱ আন্দোলনেই হৈছে independent journalism। দুই-এটা বিজ্ঞাপন প্ৰকাশ কৰিলেও পঢ়ুৱৈ আৰু শুভকাংক্ষী তথা জনগণৰ পৰা লাভ কৰা সামান্য ধন অথবা ছাবছক্ৰিপশ্যনেই হৈছে এই সাংবাদিকতাৰ মূল। সেয়ে এই সাংবাদিকতাত সাংবাদিকসকল সদায় জনগণৰ ওচৰত দায়ৱদ্ধ হৈ থাকে। কিয়নো জনগণৰ ওচৰত দায়ৱদ্ধ নহ’লে জনগণই এনে প্ৰতিষ্ঠানক সহায়-সহযোগিতা কৰিবলৈ কোনোপধ্যে আগবাঢ়ি নাহে। 

স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতাৰ প্ৰয়োজন কিয়?

সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। পিছে যেতিয়া ৰাজনৈতিক নেতা আৰু বৃহৎ বণিক গোষ্ঠীবোৰ সংবাদ মাধ্যমৰ হৰ্তা-কৰ্তা হৈ পৰে তেতিয়া সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ হৈ পৰে। সংবাদ মাধ্যম তেতিয়া হৈ পৰে একাংশ স্বাৰ্থান্বেষী লোকৰ পোহনীয়া ভাটৌসদৃশ। সাংবাদিকসকলেও জীৱন-জীৱিকাৰ বাবে নিজৰ বিবেকক বন্ধকত থৈ মালিকপক্ষই যি কয় তাকেই ভাটৌৰ দৰে আওৰাবলৈ বাধ্য হৈ পৰে। ফলত তেনে সংবাদ প্ৰতিষ্ঠান তথা সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অংশ হোৱাৰ পৰিৱৰ্তে হৈ পৰে গণতন্ত্ৰৰ শত্ৰু।

সম্প্ৰতি সমগ্ৰ বিশ্বতে অধিকাংশ সংবাদ প্ৰতিষ্ঠানকে নিজৰ দখলত ৰাখিবলৈ সমৰ্থ হৈছে ৰাজনৈতিক নেতা আৰু বৃহৎ বণিক গোষ্ঠীসমূহ। এনে সংবাদ প্ৰতিষ্ঠানসমূহে আমাজনৰ বৰ্ষাৰণ্য জ্বলি ছাই হৈ যোৱা বাতৰিতকৈয়ো অধিক প্ৰাধান্য দিয়ে কোনো এক বিশ্বখ্যাত অভিনেত্ৰীয়ে ওঁঠত লগোৱা লিপষ্টিকৰ বাতৰিক। এনে সংবাদ প্ৰতিষ্ঠানে দেশৰ আৰ্থিক মন্দাৱস্থাৰ বাতৰি একাষৰীয়াকৈ থৈ গুৰুত্বসহকাৰে সম্প্ৰচাৰ কৰে পাকিস্তানত প্ৰতিকিলো বিলাহীৰ দাম ৩০০ টকা হোৱাৰ বাতৰি।

এনেদৰেই সংবাদ মাধ্যমক নিজৰ হাতৰ মুঠিত ৰাখি দেশৰ জনগণৰ পৰা প্ৰকৃত সত্য লুকুৱাই ৰাখি নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ উদ্যত হয় ৰাজনৈতিক নেতা তথা বৃহৎ বণিক গোষ্ঠী। এইধৰণৰ গোমা পৰিৱেশৰ পৰা সংবাদ ক্ষেত্ৰখনক মুক্ত কৰিবলৈকে প্ৰয়োজন স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতাৰ। 

স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতা কিমান নিৰাপদ?

সমগ্ৰ বিশ্বতে সম্প্ৰতি স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতাৰ আন্দোলন গঢ় লৈ উঠিছে যদিও মুঠেই নিৰাপদ নহয় ইয়াৰ সৈতে জড়িত সাংবাদিকসকল। কিয়নো শুদ্ধ আৰু সত্য খবৰ জনগণক দি যোৱা বাবে এইসকল সাংবাদিক হৈ পৰে বহুতৰে চকুৰ কূটা। পদে পদে ভয়-ভাবুকিৰ মাজেৰে পালন কৰিবলগীয়া হয় কৰ্তব্য। লগতে থাকে আৰ্থিক নিৰাপত্তাহীনতা। ৰাজনৈতিক নেতা তথা বণিকগোষ্ঠী নিয়ন্ত্ৰিত সংবাদ মাধ্যমত সাংবাদিকতা কৰিলে মোটা দৰমহাৰ লগতে আন অনেক সা-সুবিধা পোৱাৰ যি সম্ভাৱনা থাকে বা আৰ্থিক স্বাচ্ছন্দ্যৰ নিশ্চিতি থাকে তাৰ কোনো সম্ভাৱনা নাথাকে এই স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতাত। 

তৎসত্বেও সেই সকলোবোৰ বিষয়ক নেওচা দি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক শক্তিশালী কৰি মূক জনতাৰ মুক্ত কণ্ঠ হোৱাৰ লক্ষ্যৰেই সততা আৰু দায়ৱদ্ধ সাংবাদিকতাত বিশ্বাসী মুষ্টিমেয় সাংবাদিকে এই আন্দোলনত জপিয়াই পৰিছে। News Next Oneৰ এই নতুন যাত্ৰাত জড়িত হোৱা সাংবাদিকসকলেও একে লক্ষ্য আৰু উদ্দেশ্য লৈ প্ৰত্যাহ্বানক অতিক্ৰম কৰিবলৈ অংগীকাৰৱদ্ধ হৈছে। 

বিশেষকৈ অসমত এনে ধৰণৰ সাংবাদিকতাত জড়িত সাংবাদিকসকলৰ আৰ্থিক দিশৰ লগতে জীৱনৰ নিৰাপত্তাৰ শংকাও বহুপৰিমাণে বৃদ্ধি কৰাৰ পূৰ্ণমাত্ৰাই সম্ভাৱনা আছে। তেনে দুৰ্ভাৱনাক একাষৰীয়াকৈ থৈ সাংবাদিকতাৰ এই নব্য আন্দোলনত জড়িত হ’বলৈ অসমৰ সাংবাদিকতাৰ ইতিহাসেই প্ৰদান কৰিছে সাহস আৰু প্ৰেৰণা। এইখন অসমতে নিৰ্ভীক আৰু আপোচহীন সাংবাদিকতাৰ বাবে মৃত্যুক আকোৱালি ল’বলৈকো ভয় কৰা নাছিল পৰাগ কুমাৰ দাসৰ দৰে সাহসী সাংবাদিকে। যিখন অসমত পৰাগ কুমাৰ দাসৰ দৰে সাহসী সাংবাদিকৰ জন্ম হৈছিল সেইখন অসমত স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতাৰ আন্দোলনক আগুৱাই নিবলৈ যাওতে ভয় খোৱাৰ প্ৰয়োজনবোধ কৰা নাই টীম News Next One-এ। 

স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক সহায় কৰক

অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত News Next One-এ আৰম্ভ কৰা এই আন্দোলনত এতিয়া প্ৰয়োজন সমূহ অসমবাসী ৰাইজৰ অংশগ্ৰহণ! ৰাইজৰ অংশগ্ৰহণ তথা ইচ্ছাই নিৰ্ণয় কৰিব News Next Oneৰ ভৱিষ্যত, নিৰ্ণয় কৰিব অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শক্তি!

News Next Oneৰ মাহিলি/বছৰেকীয়া Subscription গ্ৰহণ কৰি আমাৰ এই যাত্ৰাত আপুনিও আগবঢ়াব পাৰিব সাধ্যানুযায়ী বৰঙণি। তলৰ লিংকত ক্লিক কৰি আপুনি আমাৰ বছৰেকীয়া Subscription গ্ৰহণ কৰিব পাৰে। বছৰেকীয়া Subscription গ্ৰহণ কৰা সকলে আমাৰ অনলাইন দৈনিক ‘ই-সংবাদ’ৰ পিডিএফ সংস্কৰণ প্ৰতিদিনে পুৱা WhatsAppযোগে লাভ কৰিব পাৰিব। লগতে আমাৰ ৱেবছাইটত প্ৰকাশিত প্ৰিমিয়াম বাতৰিসমূহ পঢ়িব পাৰিব। আপোনাৰ এই বৰঙণিয়ে আমাক বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত স্বতন্ত্ৰতা বৰ্তাই ৰখাত সহায় কৰিব। অধিক জানিবলৈ 6001147135 নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।

WhatsApp E-Sangbad Subscription

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0