মোৰাঝাৰঃ হোজাই জিলাৰ শংকৰদেৱ নগৰস্থিত কাচাৰী ময়দানত হোজাই জিলা পানী আৰু অনাময় সমিতি জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু হোজাই জিলা প্ৰশাসনৰ উদ্যোগত দিনযোৰা কাৰ্যসুচীৰে 'স্বচ্ছ ভাৰত মিছন’ (গ্ৰামীণ) ৰ সফল ৰূপায়ণ নিশ্চিতকৰণৰ উদ্যেশ্য আয়োজিত স্বচ্ছ মেলা সম্পন্ন হয়৷

পুৱা ন বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই মেলাত জিলাখনৰ অহা বিভিন্ন স্বেচ্ছাসেৱী সংস্থাই কেবাটাও প্ৰদৰ্শনীত ভাগ লয়৷ জিলা উপায়ুক্ত ডা. এছ লক্ষ্মণৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখন পৰিচালনা কৰে অনুপ বৰঠাকুৰে৷

'মুকলি মল ত্যাগ’ শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে মুখ্য অভিযন্তা দেৱজ্যোতি কলিতা, জিলা উপায়ুক্ত ডা. এছ লক্ষ্মণ, জিলা আৰক্ষী অধীক্ষক ডি মুখাৰ্জী, অতিৰিক্ত উপায়ুক্ত অনিমেষ তালুকদাৰ, আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত গুজৰাটৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত কাকীৰ এগৰাকী মহিলাই বক্তব্য ৰাখে৷

সভাত হোজাই জিলাৰ ডবকা, লংকা, হোজাই, নীলবাগান, কাকী, মোৰাজাৰ, হোজাই মৰ্কজ, দেৱস্তান হিউমেন ৰিচাৰ্চ এণ্ড ডেভলেপমেণ্ট চছাইটি, নেকজান এনজিঅ নীলবাগান, যোগেস্বা নেহৰু এছ এইচ জি, লামডিং, উদালী আদি অঞ্চলৰ বিভিন্ন এনজিঅ’ৰপৰা সদস্যসকল আহি আজিৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷ লগতে কেবাটাও এনজিঅ’ৰ বিষয়ববীয়াক গামোচা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়৷

উল্লেখ্য যে, এই স্বচ্ছ মেলাত শৌচাগাৰ নিৰ্মাণৰ বিভিন্ন কাৰিকৰী বিকল্প, ঘৰতে অনাময় শৌচালয় নিৰ্মাণ কৰিবলৈ আৰু নিৰাপদ খোৱাপানীৰ বিষয়ে, মুকলি মলত্যাগ, ঘৰতে শৌচাগাৰ, বিপদৰ পৰা উদ্ধাৰ, গাৱৰ মুকলি ঠাইত শৌচাগাৰ বন্ধ কৰা, আমাৰ প্ৰতিখন গাঁও স্বচ্ছ কৰি তোলা, খোৱাপানী বিশুদ্ধকৰণত জনসাধাৰণৰ মনোযোগীতা আগবঢ়াই লৈ যোৱা, খোৱাপানী প্ৰদূষণ মুক্ত কৰি ৰাখিবলৈ খোৱাপানীৰ সঠিক সংৰক্ষণ আৰু ব্যৱহাৰ নিশ্চিতকৰণ কৰা, বিভিন্ন ৰোগৰ পৰা হাত সাৰিবলৈ কেনেদৰে হাত পৰিস্কাৰ কৰি ৰাখিব লাগে আদি বিষয়সমুহৰ ওপৰত আলোকপাত কৰা হয়৷

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত স্বচ্ছ ভাৰত মিছন মেলাত ভাষণ প্ৰসংগত জিলা উপায়ুক্ত হোজাই জিলাত সৰ্বমুঠ ৭০ হাজাৰ অনাময় শৌচালয়ৰ কাম ২০১৭ ৰ ২ অক্টোবৰত ভিতৰত সম্পন্ন কৰা হ’ব বুলি উল্লেখ কৰি কয় ইতিমধ্য প্ৰায় ২৪ হাজাৰ শৌচালয়ৰ কাম সম্পন্ন হৈছে৷