যােৰহাট কাৰাগাৰত ১৯৪৩ চনৰ ২৩ এপ্রিলত প্ৰাণ দিছিল শ্বহীদ কমলা মিৰিয়ে

newsnextone.com। কাজিৰঙাঃ   বহু নথি-পত্র পৰীক্ষাৰ অন্তত অৱশেষত নিশ্চিত হ'ল শ্বহীদ কমলা মিৰিৰ মৃত্যুৰ দিন। কাৰণ, চৰকাৰী অৱহেলাৰ বাবেই বিভিন্ন সময়ত বিভিন্ন গৰাকী শ্বহীদক অপমান কৰা অথবা শ্বহীদৰ পৰিয়ালক বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পাছত শ্বহীদ কমলা মিৰিৰ মৃত্যু দিনক লৈয়ো চৰকাৰী পক্ষই কৰা উপেক্ষাৰ বাবেই বহুদিন এই নিৰ্দিষ্ট দিনটো নিশ্চিত হোৱা নাছিল।

অৱশ্যে ৰাইজৰ ঐক্যান্তিক প্ৰচেষ্টাত অৱশেষত শ্বহীদ কমলা মিৰিৰ মৃত্যুৰ দিনটো নিশ্চিত হয়। বিভিন্ন বাদ-বিবাদৰ অন্তত যােৰহাট কাৰাগাৰৰ এক চৰকাৰী নথিয়ে ১৯৪৩ চনৰ ২৩ এপ্রিল বুলি স্পষ্ট কৰে। স্বাধীনতা সংগ্ৰামৰ বাবে প্ৰাণ আহুতি দিয়া কমলা মিৰিৰ যোৰহাট কাৰাগাৰত মৃত্যু হয় বুলি সদৰী কৰে শ্বহীদ কমলা মিৰিৰ ৭৫ সংখ্যক মৃত্যু দিৱস উদযাপন সমিতিৰ অন্যতম আহ্বায়ক অধ্যাপক তৰুণ লইঙে।

এক প্ৰেছ বিবৃতি যোগে প্রকাশ কৰা মতে, গোলাঘাটৰ শিশু ভৱনত অনুষ্ঠিত শ্বহীদ গৰাকীৰ মৃত্যু দিৱস উদযাপন সমিতিৰ আহ্বানত অনুষ্ঠিত পর্যালোচনা বৈঠকত আগন্তুক কর্মসূচী নির্ধাৰণৰ যৌথ সভাত অসম সাহিত্য সভা, মিচিং আগম কেবাং, টি এম পি কে, এম এম কেৰ প্রতিনিধি, বিশিষ্ট চিন্তাবিদ, নিৱন্ধকাৰ হীৰেণ গগৈ, শিক্ষাবিদ প্ৰৱক্তা তথা নতুন সাহিত্য পৰিষদৰ প্ৰতিনিধি হেম ফুকন,সদৌ অসম সাহিত্য সন্মিলনৰ উপ-সভাপতি মাণিক চন্দ্ৰ দাৱ, স্তম্ভ লেখক বিজু বৰি, অনাতাঁৰ শিল্পী তথা দৃৰব কোবাঙৰ সভাপতি সুৰুজ কুমাৰ পাঠৰি, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য প্ৰতিনিধি ৰমানন্দন বৰা, বিশিষ্ট ব্যক্তি যোগেশ লইঙকে ধৰি জিলাখনৰ অৰ্ধশতাধিক প্ৰতিনিধিবৰ্গৰ উপস্থিত থাকে।

উদযাপন সমিতিৰ সভাপতি মণ্ডলীৰ শ্ৰীচন্দ্ৰ প্ৰসাদ তামুলীৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত সভাত উপস্থিত থাকি বিশিষ্ট বুদ্ধিজীৱী হীৰেন গগৈয়ে বক্তব্য প্ৰদান কৰি কয়  যে শ্বহীদ জনাৰ এই ৭৫ সংখ্যক মৃত্যু দিৱসৰ প্ৰস্তুতি ধাৰাই এক আশাৰ বতৰা কঢ়িয়াই আনিব। বিজ্ঞান ভিত্তিক চৰ্চাই নতুন প্ৰজন্ম তথা জাতিটোক সমৃদ্ধ কৰিব বুলিও তেখেতে উল্লেখ কৰে।

এটি জাতিপ্ৰেম মূলক গীতেৰে সভাখনি উদ্ধোধন কৰে স্বনামধন্য বিশিষ্ট শিল্পী তথা মিচিং দৃৰবৃ কেবাঙৰ সভাপতি সুৰুজ কুমাৰ পাটিৰিয়ে। আনহাতে, সভাৰ বিষয়বস্তুৰ অৱতাৰণিকা আগবঢ়াই উদযাপন সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক সোনেশ্বৰ নৰহে। ইপিনে, যুটীয়া সাধাৰণ সম্পাদক সোনেশ্বৰ নৰহ আৰু প্ৰসেন লইং স্বাক্ষৰিত বিবৃতিত উল্লেখ কৰে যে সমূহ লেখক-লেখিকা, বুদ্ধিজীৱী, চিত্র নিৰ্মাতা, সাহিত্য অনুষ্ঠান-প্ৰতিষ্ঠান, গৱেষক, বিদ্যালয়-মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়, চৰকাৰ তথা চৰকাৰী সংশ্লিষ্ট সকলো বিভাগ, বিশেষকৈ জন সংযোগ বিভাগৰ যোগেদি সমূহ প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰাৰ দ্বায়িত্ব স্বীকাৰ কৰাৰ আহ্বান জনায় শ্বহীদ কমলা মিৰি ৭৫ সংখ্যক উদযাপন সমিতিয়ে।

বিবৃতিটোত উল্লেখ কৰা মতে, বৰ্ষজোৰা কাৰ্যসূচীত শ্বহীদ কমলা মিৰিৰ তথ্যচিত্ৰ প্ৰস্তুত কৰা, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্বহীদ জনৰ অৱদানক তুলি ধৰিবলৈ অসমীয়া হিন্দী ইংৰাজী ভাষাত ঐতিহাসিক কৰ্মৰাজীক প্ৰকাশ কৰা, ৰাজ্যিক পৰ্যায়ত ২০টা, ৰাষ্ট্ৰীয় পৰ্যায়ত ৫টা স্মাৰক বক্তৃতা তথা আলোচনা চক্ৰৰ কথা সদৰি  কৰা, ৰাইজৰ প্ৰচাৰৰ দ্বাৰা সংহতি আৰু সহমৰ প্ৰতীক শ্বহীদ কমলা মিৰিৰ পুৰ্ণাঙ্গ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত প্ৰকাশ লগতে গোলাঘাট, বোকাখাত, দেৰগাঁও, সৰুপথাৰ আৰু গুৱাহাটীত শ্বহীদ কমলা মিৰিৰ লগতে বেজা বাউৰী, দ্বৰিকী নাথ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী চনদত স্পষ্ট ভাৱে উল্লেখ কৰে।

আনহাতেদি দাবী চনদ প্ৰেৰণ কৰিবলৈ  অসমৰ বিশিষ্ট সঁজাতি দলৰ যোগেদি ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী সংসদ, মন্ত্ৰী-বিধায়ক আৰু এম এ চিত কাৰ্যবাহী সদস্যৰ ওচৰত দাখিল আৰু প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ উপৰিও উল্লেখযোগ্য কাৰ্যসূচীৰ ভিতৰত শ্বহীদ কমলা মিৰি স্মাৰক সংহতি সমদল আৰু স্মাৰক গ্ৰন্থ এলানি প্ৰকাশৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ কথা সদৰি কৰে।

তদুপৰি, গুলুং টেমেৰাত শ্বহীদ জনাৰ জন্মাস্থানত ৪ দিনীয়াকৈ বিস্তৃত সমাবেশ সংস্কৃতি সমাৱেশ আৰু জাতীয় অভিবৰ্তনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত প্ৰকাশ কৰি ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী আদিক উপস্থিত কৰোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশিষ্ট চিন্তাবিদ, শিল্পী, সমাজকৰ্মী, লেখক বুদ্ধিজীৱী সমাৱেশৰো কামনা কৰে।