ডিজিটেল ডেস্কঃ দেশৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব এইবাৰ স্বামী বিবেকানন্দৰ প্ৰসিদ্ধ বক্তৃতা৷ পশ্চিমবংগৰ চৰকাৰে শুকুৰবাৰে ঘোষণা কৰা অনুসৰি অহা বৰ্ষৰ পৰা ৰাজ্যখনৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী লৈকে পাঠ্যক্ৰমত স্বামী বিবেকানন্দই চিকাগোৰ বিশ্ব সংসদত প্ৰদান কৰা ঐতিহাসিক ভাষণক সন্নিৱিষ্ট কৰা হ’ব৷
পশ্চিম বংগৰ শিক্ষা মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে জানিবলৈ দিয়া মতে, ৰামকৃষ্ণ মিছনৰ প্ৰতিনিধিসকলে আয়োজন কৰা বৈঠকত পাঠ্যক্ৰমত এই বিষয়তো সংযুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ জানিব পৰা মতে, এই বৈঠকত অধ্যক্ষতা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী কৰাৰ লগতে শিক্ষামন্ত্ৰী আৰু জেষ্ঠ অধিকাৰী সকলো বৈঠকত উপস্থিত থাকে৷
উল্লেখ্য যে, বিবেকানন্দই বিশ্বধৰ্ম সংসদত দিয়া বক্তৃতাই বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছিল৷ সেই ভাষণক বিভিন্ন ভাষালৈও অনূদিত হৈছে৷ বিবেকানন্দই চিকাগোত দিয়া ভাষণৰ আৰম্ভণিতে ‘মোৰ মৰমৰ আমেৰিকাৰ বাই-ভনীসকল’ বুলি কোৱাৰ বাবে সমগ্ৰ আমেৰিকাৰ বাবে স্বামী বিবেকানন্দ প্ৰিয়পাত্ৰ হৈ পৰিছিল বুলি জানিব পৰা গৈছে৷