ভাৰতবাসীসকলৰ বাবে সুখবৰ৷ এছিয়ান গেমছত পুনৰ সোণৰ পদক লাভ কৰিলে এগৰাকী খেলুৱৈয়ে৷ অপৰিন্দৰ পাছত স্বপ্না বৰ্মনে ১১ তম বাৰত সোণ পদক লাভ কৰি ভাৰকলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ হেপ্তালেনত অনুষ্ঠিত হোৱা ভাৰতে প্ৰথম সোণৰ পদক লাভ কৰে৷ স্বপ্নাই ৮০০ মিটাৰৰ দৌৰত ২.২১.১৩ সময় লৈ ৮০৮ নম্বৰ লাভ কৰে৷ লগতে বেলেগকৈ মুঠ ৬০২৬ নম্বৰ লাভ কৰি ভাৰতৰ বাবে সোণৰ পদক কঢ়িয়াই অনা স্বপ্নাই ইতিহাস ৰচিবলৈ সক্ষম হয়৷ 

থোৰতে সপোন দেখা স্বপ্নাৰ বিষয়েঃ

সপোন সকলোৱে দেখে৷ কিন্তু সেই সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ কষ্ট, ধৈৰ্য, সহিষ্ণুতা তথা আত্মবিশ্বাসৰ প্ৰয়োজন৷ তাৰে এক সুন্দৰ নিদৰ্শন দেখুওৱালৈ সক্ষম হ’ল স্বপ্নাই৷ এক সাধাৰণ ঘৰৰ পৰা ওলাই আহি নিজৰ পাৰদৰ্শিতাৰে সকলোৰে মন জিনিলে স্বপ্নাই৷ দেউতাক ৰিক্সাৱালা তথা মাক বাগানৰ কৰ্মচাৰী স্বপ্নাৰ৷

দৰিদ্ৰতাৰ জীৱন অতিবাহিত কৰিছিল যদিও স্বপ্নাৰ সপোন বহুগুণে ওপৰত আছিল৷ নিজৰ নামৰ দৰেই সপোনকো বাস্তৱত পৰিণত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰা স্বপ্না সকলোৰে বাবে এক উদাহৰণ স্বৰূপ হৈ ৰৈছে৷ জানিব পৰা মতে আটাইতকৈ আচৰিত যে স্বপ্নাৰ দুয়োখন ভৰিৰ আঙুলিত ৬ টাকৈ আঙুলি আছে৷ সচাঁয়ে ই এক অৱিষ্মনীয় বিষয়৷