ডামাস্কাছঃ বাংলাদেশৰ পিছত চলিত বছৰতে পতন ঘটিল বিশ্বৰ আন এখন ৰাষ্ট্ৰৰ ক্ষমতাসীন চৰকাৰৰ। এইবাৰ ছিৰিয়াত ক্ষমতাচ্যুত হ’ল আছাদ পৰিয়াল। বিগত পাঁচ দশকৰো অধিক সময় ধৰি দেশখনৰ ক্ষমতাত অধিষ্ঠিত হৈ থকা আছাদ পৰিয়াল বাধ্য হৈ পৰিল দীৰ্ঘদিনীয়া গৃহযুদ্ধৰ ওচৰত নতি স্বীকাৰ কৰিবলৈ। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই দেওবাৰে প্ৰকাশ কৰা অনুসৰি, ক্ষমতাচ্যুত হোৱাৰ পিছতে দেশ এৰি পলায়ন কৰে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে। অৱশ্যে তেওঁ পলায়ন কৰি ক’ত আশ্ৰয় গ্ৰহণ কৰি আছে সেয়া জানিব পৰা হোৱা নাই। উল্লেখ্য যে, আছাদৰ শাসনৰ পূৰ্বে তেওঁৰ পিতৃ হাফেজ আল আছাদে ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে ছিৰিয়াত শাসন কৰিছিল।

২০০০ চনত পিতৃৰ মৃত্যুৰ পিছত বাছাৰে তেওঁৰ উত্তৰাধিকাৰী হিচাপে ছিৰিয়াত ৰাজত্ব আৰম্ভ কৰে। বিশেষকৈ সামৰিক শক্তি আৰু ৰাছিয়া আৰু ইৰাণকে ধৰি আঞ্চলিক শক্তিসমূহৰ সৈতে কৌশলগত মিত্ৰতাৰ জৰিয়তে তেওঁৰ পৰিয়ালে ৰাজনৈতিক ক্ষমতাৰ ওপৰত নিজৰ দখল বজাই ৰাখিবলৈ সক্ষম হয়। কিন্তু ছিৰিয়া আৰু ইয়াৰ জনসাধাৰণৰ বাবে দুৰ্যোগ হিচাপে পৰিগণিত হোৱা ১২ বছৰীয়া সশস্ত্ৰ সংঘাতৰ ফলত অৱশেষত কেৱল ক্ষমতাচ্যুত হোৱাই নহয়, দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈ পৰে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ।

২০১১ চনত ছিৰিয়াত শান্তিপূৰ্ণ প্ৰতিবাদ আৰু গণতান্ত্ৰিক সংস্কাৰৰ দাবীত প্ৰতিবাদ আৰম্ভ হয়। আৰব বসন্তৰ প্ৰতিফলন হিচাপে সমগ্ৰ মধ্যপ্ৰাচ্যত প্ৰতিবাদ বিয়পি পৰাৰ লগে লগে ছিৰিয়াৰ পৰাও গণতান্ত্ৰিক সংস্কাৰৰ দাবী উঠে। কিন্তু এই প্ৰতিবাদৰ সময়ত আছাদ চৰকাৰৰ ৰক্তাক্ত দমন কৌশলৰ পৰিণতিত ক্ৰমাৎ চৰকাৰ আৰু সাধাৰণ জনতাৰ মাজৰ দূৰত্ব বৃদ্ধি পাবলৈ আৰম্ভ কৰে। প্ৰথমাৱস্থাত এই প্ৰতিবাদ শান্তিপূৰ্ণ আছিল যদিও সময়ৰ লগে লগে ই ব্যাপক হিংসা আৰু সশস্ত্ৰ সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। অন্যহাতে পশ্চিমীয়া দেশ, তুৰস্ক আৰু একাংশ আৰৱ দেশে ছিৰিয়াৰ চৰকাৰ বিৰোধী বিদ্ৰোহী গোটক সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে ইৰাণ, ৰাছিয়াৰ দৰে দেশে বিদ্ৰোহীক দমনৰ বাবে আছাদ শাসনক বিভিন্ন ধৰণৰ সামৰিক সহায় আগবঢ়োৱাৰ পিছতে দেশখনৰ গৃহযুদ্ধই আন্তঃৰাষ্ট্ৰীয় চৰ্চা লাভ কৰে।

একে সময়তে, ছিৰিয়া বিশ্বৰ শক্তিশালী দেশসমূহৰ আগ্ৰাসনৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত ভয়াবহ সংকটৰ সন্মুখীন হ’বলগীয়া হয় জনসাধাৰণ। গৃহযুদ্ধ দমনৰ আঁৰ লৈ ২০১৫ চনত ছিৰিয়াৰ গৃহযুদ্ধত সামৰিক হস্তক্ষেপ আৰম্ভ কৰে ৰাছিয়াই। পুটিনৰ দেশে ছিৰিয়াত চলোৱা বিমান আক্ৰমণ আৰু ইৰাণৰ সমৰ্থিত মিলিচিয়াৰ সহায়ত ২০১৭ চনলৈকে ছিৰিয়াৰ বেছিভাগ অঞ্চল পুনৰ আছাদ শাসনৰ নিয়ন্ত্ৰণলৈ আহে যদিও কেতবোৰ অঞ্চল ইডলিব আৰু বিশেষকৈ কুৰ্দি গোটৰ নিয়ন্ত্ৰণতে থাকে। কিন্তু ৰাছিয়া, ইৰাণৰ দৰে দেশেও অৱশেষত ৰক্ষা কৰিবলৈ সক্ষম নহ’ল বাছাৰ আল আছাদৰ শাসন ব্যৱস্থা।

শনিবাৰে হায়াত তাহৰিৰ আল-ছাম (এইচটিএছ) আৰু জৈছ আল ইজ্জাহৰ দৰে বিদ্ৰোহী সংগঠনে এক বৃহৎ সামৰিক আক্ৰমণৰ জৰিয়তে এসময়ত আছাদ শাসনৰ দুৰ্গ হিচাপে পৰিচিত ডামাস্কাছ চহৰ আৰু ছিৰিয়াৰ অন্যান্য গুৰুত্বপূৰ্ণ অঞ্চল নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আছাদৰ সেনাবাহিনীয়ে অঞ্চলটোৰ পৰা পিছুৱাই যোৱাৰ পিছতে চহৰখনৰ চৰকাৰী কাৰ্যালয় আৰু মূল প্ৰতিষ্ঠানসমূহ দখল কৰে বিদ্ৰোহীয়ে। ইফালে, আছাদ শাসনৰ পতনৰ পিছত ছিৰিয়াৰ বিদ্ৰোহী সংগঠনসমূহে দেশখনৰ ৰাজনৈতিক আৰু সামৰিক আন্তঃগাঁথনিৰ ওপৰত নিজৰ কৰ্তৃত্ব দখল কৰিবলৈ আৰম্ভ কৰিছে।

বিদ্ৰোহী সংগঠনটোৰ নতুন মুখ্য কাৰ্যালয়ৰ পৰা ভাষণ দি ছিৰিয়াৰ প্ৰধানমন্ত্ৰী মহম্মদ গাজী আল জালালীয়ে কয় যে তেওঁ নতুন শাসন ব্যৱস্থাক সমৰ্থন কৰিবলৈ সাজু, কিন্তু দেশ এৰি যোৱাৰ পক্ষত নহয়। দেওবাৰে সুদীৰ্ঘ পাঁচ দশকীয় আছাদ পৰিয়ালৰ শাসনৰ অন্ত পৰাৰ পিছতে ডামাস্কাছৰ ৰাজপথত চৰকাৰ বিৰোধী শ্লোগান দি বিজয় উৎসৱ পালন কৰে হাজাৰ হাজাৰ জনতাই। লক্ষণীয় যে, আছাদ শাসনৰ পতনৰ পিছত আন্তঃৰাষ্ট্ৰীয় মঞ্চতো তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ছিৰিয়া চৰকাৰক সমৰ্থন কৰা ৰাছিয়া, ইৰাণ আৰু হিজবুল্লাহে অৱশ্যে এতিয়াও ছিৰিয়াৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

কূটনৈতিক বিশেষজ্ঞসকলৰ মতে, দেশখনৰ এই পৰিৱৰ্তনে ছিৰিয়া আৰু সমগ্ৰ মধ্যপ্ৰাচ্যৰ ৰাজনৈতিক পৰিৱেশক নতুন ৰূপ দিব। একে সময়তে, বিদ্ৰোহী গোটসমূহৰ ঐক্যবদ্ধ নেতৃত্বৰ অভাৱৰ পৰিপ্ৰেক্ষিতত এতিয়াও ছিৰিয়াৰ ভৱিষ্যত অনিশ্চিত বুলি দাবী কৰে বিশেষজ্ঞসকলে। বিগত পাঁচ দশকৰো অধিক সময় ধৰি এটা পৰিয়ালৰ দখলত থকা দেশখনৰ পুনৰ্গঠন আৰু সাধাৰণ জনতাৰ মাজলৈ যোৱাটো নতুন চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব বুলি মত প্ৰকাশ কৰিছে বহু কূটনৈতিক বিশেষজ্ঞই। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আছাদ বিৰোধী গোটসমূহৰ মাজত কেনেধৰণৰ ৰাজনৈতিক সহমত গঢ় লৈ উঠে তাৰ ওপৰত দেশখনৰ ভৱিষ্যত নিৰ্ভৰ কৰিব বুলি তেওঁলোকে মন্তব্য কৰে।