ডিজিটেল ডেস্কঃ পাঁচমাহ মাত্ৰ হোৱা চুৰহোজেলি লাইজিয়েষ্টুৰ চৰকাৰখনৰ বৰ্খাস্ত কৰি নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙক নতুন মুখ্যমন্ত্ৰীৰূপে নিযুক্তি দিলে ৰাজ্যপাল পি বি আচাৰ্যই৷ নাগা পিপলছ ফ্ৰণ্টৰ মন্ত্ৰীগৰাকীক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ২২ জুলাইলৈকে সময় দিয়া হৈছে।
আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুৰহোজলো লাইজিয়েষ্টুক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে বিধানসভাত তাৰিখ দিয়া হৈছিল যদিও লাইজিয়েষ্টুৰ অনুপস্থিতিত সদন স্থগিত ৰখা হয়। উল্লেখ্য যে জনজাতীয় আন্দোলনৰ পৰিপ্ৰেক্ষিততে লাইজিয়েষ্টুয়ে বাধ্য হৈ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি ল’বলগীয়া হৈছিল।