বেতবাৰীঃ ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ সোণালী ইতিহাসৰ লগতে টাই আহোম জনগোষ্ঠীৰ ভাষা, সাহিত্য, পৰম্পৰা, সংস্কৃতিক সজীৱ কৰি ৰখাৰ উদ্দেশ্যেৰে আজিৰ পৰা চাৰি বছৰ পূৰ্বে কেইজনমান যুৱকে লগলাগি ডিব্ৰুগড়ত ‘ডয় পাটকাই’ নামৰ এটা অনুষ্ঠানৰ জন্ম দিছিল।

পাটকাই পৰ্বত পাৰহৈ স্বৰ্গদেউ চ্যুকাফাই বৰ অসম গঢ়িছল, সেইগৰাকী স্বৰ্গদেউৰ আদৰ্শৰে আহোম জনগোষ্ঠীয়ে অসমীয়াৰ মাজত ভাতৃত্ববোধ গঢ় দিয়াৰ লক্ষ্যৰে অনুষ্ঠানটোৱে কাম কৰি আহিছে। উজনি অসমৰ আহোম জনগোষ্ঠীৰ ৰাইজৰ হৃদয়ত স্থান লাভ কৰে ডয়-পাটকাইয়ে। জিন্দাবাদ মূৰ্দাবাদ ধ্বনিৰ পৰা শতযোজন দুৰত থাকি জনগোষ্ঠীটোৰ হেৰোৱা ইতিহাস উদ্ধাৰৰ বাবে কাম কৰি গৈছে৷

স্বকীয় মৰ্যদা চিনাকি উদ্ধাৰৰ লগতে ধৰ্মীয় গোড়ামিৰ পৰা মুক্ত লাচিত আৰু ইচমাইল ছিদ্দিকৰ সমন্বয়ৰ অসম গঢ় দিয়াৰ বাবে কাম কৰি গৈছে।

সংস্থাটোৰ শিৱসাগৰ জিলা উপ-সমিতিৰ উদ্যোগত টাইপা শিৱসাগৰ জিলা সমিতিৰ সহযোগত অহা ২৪ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ শিৱসাগৰ মেটেকাৰ লাই মেকুৰী গাঁৱত অনুষ্ঠিত কৰা হ’ব টাই ভাষা আৰু সংস্কৃতিৰ কৰ্মশালা৷ আহোম জনগোষ্ঠীৰ আগশাৰীৰ সংগঠন সমূহৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাত ডয়-পাতকাই সমাজৰ কেন্দ্ৰীয় নেতা চাওঁ অমৃত ৰণী গগৈয়ে অনুষ্ঠানৰ সফল কৰিবলৈ সকলোকে আহ্বান জনায়৷