ডিজিটেল ডেস্কঃ উত্তৰ-পূবাঞ্চলৰ পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নেফিঅ’ ৰিঅ’ই৷ উল্লেখ্য যে নাগালেণ্ডত এনডিপিপি দলে বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰিছে৷

ৰাজ্যখনৰ ৰাজধানী ক’হিমা লোকেল গ্ৰাউণ্ডত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল পিবি আচাৰ্যই৷

মুখ্যমন্ত্ৰীৰ লগতে নৱগঠিত চৰকাৰৰ ১০গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত লয়৷ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিজেপিৰ উত্তৰ-পূবৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু অগপ দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্তও উপস্থিত থাকে৷

উল্লেখ্য যে নাগালেণ্ডত প্ৰথমবাৰৰ বাবে মুকলিভাৱে শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়৷

জানিব পৰা মতে, মুখ্যমন্ত্ৰী ৰিঅ’ই ১৬ মাৰ্চৰ ভিতৰত সদনত সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিব লাগিব৷ বিজেপি দলৰ ১২ গৰাকী বিধায়ক, জেডিইউ আৰু নিৰ্দলীয়ৰ এগৰাকীকৈ বিধায়কে নেফিঅ’ ৰিঅ’ক সমৰ্থন আগবঢ়োৱাৰ লগতে এনডিপিপিৰ ১৮গৰাকী বিধায়কো আছে৷

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নড্ডাই বিজেপি দলৰ মহাসচিব অৰুণ সিঙ আৰু বিজেপি দলৰে প্ৰদেশ অধ্যক্ষ বিশাছোলী লহোনগোৰৰ সৈতে লগলাগি ৰাজ্যপালৰ ওচৰত ১২ গৰাকী বিজেপি বিধায়কৰ হস্তাক্ষৰৰ সম্বলিত সমৰ্থনমূলক পত্ৰ দাখিল কৰিছিল৷ বিজেপিৰ নেতাসকলে ৰাজ্যপালক অৱগত কৰে যে ৱাই পট্টনৰ নাম বিধানসভাত বিজেপি দলৰ নেতা হিচাপে বাছনি কৰা হৈছে৷      


নেচনেল পিপলছ পাৰ্টিৰ অধ্যক্ষ এটো য়েথৌমীয়ে জানিবলৈ দিয়া মতে, তেওঁ ৰিঅ’ক সমৰ্থন কৰি ৰাজ্যপালক এখন পত্ৰ দাখিল কৰিছিল৷  উল্লেখ্য যে, ইতিমধ্যে হৈ যোৱা বিধানসভা নিৰ্বাচনত শাসনাধীন এনপিএফ দলে ২৬ আসন লাভ কৰে৷ কিন্তু এনডিপিপি-বিজেপি মিত্ৰজোঁট চৰকাৰে এমপিপি দলৰ ২গৰাকী আৰু জেডিইউ-নিৰ্দলীয়ৰ এগৰাকীকৈ বিধায়কৰ সমৰ্থন সহিতে ৩০খন আসন লাভ কৰে৷