newsnextone৷৷তামোলপুৰঃ বৰ্মন-কছাৰী সকল একাংশ প্ৰশাসনিক বিষয়া আৰু চৰকাৰী কৰ্মচাৰী সকলৰ বাবে বলিৰ পঠা হবলৈ গৈ আছে৷ অসমৰ ভূমিপুত্ৰ বৰ্মন কছাৰী সকলে অসম ভূ-খণ্ডত যুগ যুগ ধৰি বাস কৰি আহিছে৷ ইতিহাসৰ পাত লুটিয়াই চালে বৰ্মন বংশৰ ৰজা সকলৰ বিৱৰণ পোৱা যায়৷ অসমত জনজাতিৰ স্বীকৃতি পোৱা বৰ্মন-কছাৰী সকল একাংশ প্ৰশাসনিক বিষয়া আৰু চৰকাৰী কৰ্মচাৰী সকলৰ বাবে বলিৰ পঠা হবলৈ গৈ আছে৷ ইয়াৰ প্ৰমান পোৱা গৈছে এন আৰ চিৰ চূড়ান্ত খচৰাত৷ এই বক্তব্য নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাঃ সম্পাদক সঞ্জীৱ বৰ্মনৰ৷ 
তামুলপুৰ প্ৰেছ ক্লাৱত আজি আবেলি পাচ বজাত আয়োজন কৰা এক সংবাদ মেলত বৰ্মনে এইদৰে বক্তব্য আগবঢ়ায়৷ সংবাদমেল খন সম্বোধন কৰি তেওঁ অসমত জনজাতিৰ মৰ্যদা পোৱা চৈধ্যতা জনগোষ্ঠীৰ ভিতৰত তেৰটা জনজাতীয় জনগোষ্ঠীৰ প্ৰায় মানুহৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভূক্ত হৈছে৷ কিন্ত বৰ্মন-কছাৰী জনগোষ্ঠীৰ পাচঁ হেজাৰৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভূক্ত হোৱা নাই৷ এই ক্ষেত্ৰত অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতি জনগোষ্ঠীৰ বৰ্মন-কছাৰী সকলে গভীৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি উল্লেখ কৰি কয় যে জনজাতীয় সাধাৰন মানুহৰ লগত হেতালি খেলাটো কেতিয়াও সহ্য নকৰে৷ প্ৰসংগ ক্ৰমে তেওঁ কয় যে যিটো সময়ত জনজাতি আৰু অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক স্থায়ী বাসিন্দা হিচাপে চিহ্নিত কৰি এন আৰ চি ত সকলোৰে নাম অন্তৰ্ভুক্ত কৰিছে সেই সময়ত বৰ্মন- কছাৰী সকলক মাহী আইৰ দৃষ্টিৰে চোৱা হৈছে ৷ তেঁও চৰকাৰৰ প্ৰশাসন আৰু এন আৰ চিক কত্তৃপক্ষক ধিক্কাৰ দি কয় যে তেওঁলোকে বৰ্মন-কছাৰীৰ লোক সকলক যদি ভালদৰে চিনি পায় তেতিয়াহ’লে তেওঁলোকে এবাৰ হলেও বৰ্মন কছাৰীৰ সকলৰ কথা ভাবি চাব লাগিছিল ৷ 
বৰ্মন-কছাৰীৰ দৰে জনজাতিৰ মৰ্যদা পোৱা লোক সকলক লৈ এন আৰ চিৰ বিষয়াসকলে কি খেল খেলিব বিচাৰিছে সেয়া আমাৰ বাবে দুৰ্ভাগ্য জনক ৷ তেওঁ সংবাদমেলত উল্লেখে কৰে যে বৰ্তমানলৈকে ভোটদান কৰি থকা লোকৰ নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভুত নোহোৱাৰ কাৰন হিচাবে দেখুৱা হৈছে বিদেশী চিহ্নিত ব্যক্তি বুলি ৷ আনহাতে একাংশ লোকক চিহ্নিত কৰা হৈছে ডি ভোটাৰ হিচাবে ৷ জনজাতীয় লোকক এন আৰ চিৰ খচৰাত বাদ দি বিদেশী সজোৱা বিষয়টোত তেওঁ আচৰ্য্য প্ৰকাশ কৰে ৷ অসমত এখন বিদেশীমুক্ত শুদ্ধ এন আৰ চি প্ৰস্তত হোৱাটো মনে প্ৰানে বিচাৰে বুলি উল্লেখ কৰি এন আৰ চি প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম যাতে বাদ নপৰে তাৰ দাবী উত্থাপন কৰে ৷ 
জনজাতিৰ মৰ্যদা পোৱা লোক সকলক ডি ভোটাৰ আৰু বিদেশী সজাই যি চৰম অপমান কৰিছে সেয়া অচিৰে বন্ধ হব লাগে ৷ ১৯৫০ চনৰ পৰা জনজাতি হিচাবে জনজাতিৰ মৰ্যদা পাই থকা বৰ্মন-কছাৰী লোক সকলে ন্যায় পোৱাৰ বাবেও সজোৰে দাবী উথ্থাপন কৰে ৷ অন্যান্য জনজাতীয় জনগোষ্ঠীয় লোক সকলক যেনে পৰ্যায়ৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিছে সেই একে পৰ্যায়েৰে এশ শতাংশ বৰ্মন কছাৰীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসন আৰু এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক দাবী জনায় ৷ ইতিমধ্যে এই সম্পৰ্কত বাক্সা জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক জিলা নিৰ্বাচনী বিষয়াক একোখন স্মাৰক পত্ৰ প্ৰদান কৰা বুলি উল্লেখ কৰে ৷ আজিৰ এই সংবাদ মেলত বৰ্মন-কছৰী ছাত্ৰ সন্থাৰ উপ সভাপতি অখিল বৰ্মন, বাক্সা জিলা সমিতিৰ সভাপতি বিনয় বৰ্মন, উপ সভাপতি চন্দ্ৰ বৰ্মন,সাঃ সম্পাদক মহেশ্বৰ বৰ্মন, সম্পাদক কাৰ্তিক বৰ্মন, মুখপাত্ৰ দীপক বৰ্মন প্ৰমুখ্য সংগঠনটোৰ বিষয়-বৱীয়া সকল উপস্থিত থাকে ৷