তামুলপুৰঃ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই সোমবাৰে তামুলপুৰত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সমগ্ৰ তামুলপুৰ বিধানসভা সমষ্টি পৰিভ্ৰমণ কৰে।
কালি পুৱা ১০ বজাত তামুলপুৰ ৰাজীৱ ভৱনত শব্দ ৰাম ৰাভা উপস্থিত হয় দলীয় নেতা কৰ্মীৰ লগতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী পদম বাহাদুৰ চৌহান, অবড়ো নেতা যোগেশ্বৰ কলিতাক লগত লৈ। এইবাৰ নৱ কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়া ফেক্টৰ নহয় বুলি বক্তব্য ৰাখি বিটিচি চুক্তি পুনৰীক্ষণ কৰা, অবড়ো গাঁও বিটিএডিৰপৰা কটন কৰা, সকলো জাতি জনগোষ্ঠীক সম মর্যাদা প্ৰদান কৰাকে আদি কৰি কেইবাটাও ইচ্যু লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি সদৰী কৰে।