তামুলপুৰঃ বিটিচিত কোনো ধৰণৰ উন্নয়নৰ আঁচনি নাই। বিগত ১৭ বছৰে বিটিচি অঞ্চলৰ নিবনুৱা সমস্যা, দুখীয়া মহিলা, কৃষক, শ্ৰমিক, আত্ম-সহায়ক গোটৰ উন্নয়নৰ লগতে মানৱ সম্পদ গঢ়াৰো কোনো আঁচনি গ্ৰহণ নকৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে। এই অভিযোগ নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ সভাপতি প্ৰমোদ বড়োৰ।
৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী ইউজি ব্রহ্মৰ তামুলপুৰ মহকুমাৰ কাউলী বজাৰত অনুষ্ঠিত এখনি নিৰ্বাচনী সভাত প্ৰমোদ বড়োয়ে এই অভিযোগ উত্থাপন কৰে। ভাষণত এবছু নেতাজনে বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে সভাত অধিক সৰব হৈ পৰে।