newsnextone.com | তামুলপুৰঃ দেওবাৰে পুৱতি নিশা তামুলপুৰ থানাৰ অন্তৰ্গত ডিমিলাপৰ গাঁৱৰ ৩২ বছৰীয়া বিবাহিত যুৱক বিনয় চন্দৰ আত্মহত্যা সম্পৰ্কে বাক্সা জিলা আৰক্ষী তৎপৰ হোৱা পৰিলক্ষিত হোৱা দেখা গৈছে। বিনয় চন্দৰ আত্মহত্যাৰ কাৰণ বিদেশী ন্যায়াধিকৰণ আদালতত তেওঁৰ মাতৃ শান্তি ৰাণী চন্দৰ নামত এটি গোচৰ ৰুজু হৈ থকা আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয় খচৰাত অন্তৰ্ভূক্তি নোহোৱাৰ লগতে দৰিদ্ৰতাই কোঙা কৰাৰ ফলত বিনয়ে আত্মহননৰ পথ বাছি লোৱা বুলি পৰিয়াল, স্থানীয় ৰাইজ আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ বাক্সা জিলা সমিতিয়ে সংবাদ মাধ্যমক জানিব দিয়ে। 

এই সন্দৰ্ভত ইতিমধ্যে তামুলপুৰ থানাত বিনয়ৰ পৰিয়ালে বিদেশী ন্যায়াধিকৰণ আদালতে হাৰাশাস্তি কৰাৰ বাবেই আত্মহনন কৰা বুলি এজাহাৰ দাখিল কৰিছে। 

ইপিনে আজি দিনৰ দুই বজাত বাক্সা জিলা আৰক্ষী অধীক্ষকে তামুলপুৰত এখন সংবাদ মেল অনুষ্ঠিত কৰি স্পষ্ট কৰি দিয়ে যে বিনয়ৰ পৰিয়ালে বিদেশী ন্যায়াধীকৰণ আদালতৰ পৰা কোনো ধৰণৰ জাননী লাভ কৰা নাছিল বা তেওঁৰ পৰিয়াললৈ আদালতৰ পৰাও কোনো জাননী প্ৰেৰণ কৰা হোৱা নাছিল। অতি দুখীয়া পৰিয়ালৰ দিন হাজিৰা কৰা আৰু ২০ দিন আগতে এটি সন্তানৰ পিতৃ হোৱা বিনয়ে আৰ্থিক অনাটনৰ বাবেই আত্মহত্যা কৰাৰ থল আছে বুলিহে আৰক্ষী অধীক্ষক গৰাকীয়ে সন্দেহ প্ৰকাশ কৰি সংবাদ মেল খনত এই কথা সদৰী কৰে। 

এনআৰচিৰ উন্নীতকৰণৰ কাম চলি থকাৰ সময়ত কোনো লোকৰ মৃত্যু হ’লেই বা কোনো লোকে আত্মহত্যা কৰিলেই একাংশ লোকে এনআৰচিৰ বাবেই মৃত্যু হোৱা বুলি বা আত্মহত্যা বুলি কব খোজে যদিও তদন্ত নকৰাকৈ এনে ধৰণৰ কথা কোৱাটো বা দাবী কৰাটো কোনো কাৰণতেই গ্রহণযোগ্য হ’ব নোৱাৰে। তেওঁ সংবাদ মেলখনত পুনৰ কয় যে, বিনয়ৰ আত্মহত্যাৰ সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ অন্ততহে ওলাই পৰিব যুৱক জনৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য। 

উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সময়ত যাতে কোনো লোকে অপপ্ৰচাৰত লিপ্ত নহয় তাৰ বাবে সকলো পক্ষকে সজাগ হ’বলৈ আহ্বান জনায় আৰু এখন শুদ্ধ এনআৰচি প্ৰকাশৰ ক্ষেত্ৰত সকলোকে সহায়-সহযোগৰ কামনা কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। 

সংবাদ মেলৰ অন্তত আৰক্ষী অধীক্ষক গৰাকীয়ে তামুলপুৰ মহকুমাৰ মাহকুমাধিপতি (অসামৰিক) সুজিত কুমাৰ বাগলাৰী, তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰা, গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োক লগত লৈ মৃত বিনয় চন্দৰ ডিমিলাপৰ গাঁৱৰ বাসগৃহত গৈ উপস্থিত হয় আৰু বিনয়ৰ মাতৃক লগ ধৰি তেওঁৰ পৰিয়ালৰ অৱস্থাৰ বুজ লয়। লগতে শোক সন্তপ্ত পৰিয়ালটোক সমাবেদনা জ্ঞাপন কৰে।