তিনিচুকীয়াঃ ১৯৮৪ চনৰ ১ ফেব্ৰুৱাৰীত কাশীনাথ মাহাতু আৰু কুমী মাহাতুৰ ঔৰসত জন্ম গ্ৰহণ কৰিছিল তপন মাহাতুৱে৷ সৰুৰে পৰা চিত্রকর্মৰ প্ৰতি তীব্ৰ দূৰ্বলতা থকা যুৱকজনে ২০০১ চনত প্ৰখ্যাত চিত্ৰশিল্পী ৰবীন বৰ তত্বাৱধানত চিত্ৰকলাৰ আদিপাঠ গ্ৰহণ কৰি দুবছৰ ভিতৰতে অসমৰ চিত্ৰকলাৰ জগতত নিজকে এজন প্ৰতিভাৱান চিত্ৰশিল্পী হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হোৱাৰ উপৰি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছে৷

শিল্পকলা কলাক জীৱনৰ গান কৰি লৈছে তপনে৷ সংস্কৃতিয়ে পৰিৱর্তন কৰাত সহায় কৰে। সংস্কৃতিয়ে অভ্যন্তৰীণ সৃজনশীল প্ৰতিভাক বিকাশত সহায় কৰে। সেই কথা জানে তপনে কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ আদিয়ে মানুহৰ পৰিৱৰ্তন সাধন কৰিব পাৰে বুলিয়ে জানিয়ে এই সাধনা কৰি গৈছে তেওঁ৷ তেওঁ জানে টকা-ধন নহলেও এটি বিশাল মনৰ মানুহ হ’ব পাৰিম৷

জাদু প্ৰদৰ্শন, লোকনৃত্য আৰু লোকসংগীত, নাট আৰু থিয়েটাৰ, মূকাভিনয়, কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ কৰি প্ৰতিভা প্ৰকাশ কৰাই নহয় মানুহৰ জীৱন ধাৰণৰ আহিলা হৈ পৰিব পাৰে সেই কথা জানে তপনে৷

যিহতু তপনৰ চিন্তা সৰ্বদা সমাজক লৈ সেয়েহে তেওঁৰ চিত্ৰকলাৰ মাজেৰে এখন ধুনীয়া সমাজৰ কল্পনা কৰে য'ত মানৱীয় প্ৰমূল্যবোধ শিক্ষা নিহিত হৈ থাকে ৷ 
সমাজৰ এচাম নাগৰিকে যেতিয়া কেতবোৰ ৰাজনৈতিক কৌশলগত কাৰণত অৱহেলিত, শোষিত, নিষ্পেষিত হৈ উঠাৰ লগতে দুখ-দুৰ্দশাৰ স'তে মোকাবিলা কৰিবলগীয়া হ'য় তেনে সময়তে তেতিয়াই নিজ জাতি-জনগোষ্ঠীৰ স্বকীয়তা আৰু অধিকাৰসমূহ ৰক্ষাৰ বাবে এচাম লোকে চৰকাৰী দমন নীতিৰ স'তে আপোচ নকৰি স্বতন্ত্ৰভাৱে জীয়াই থাকিবলৈ শ্ৰেণী সংগ্ৰামৰ বিৰুদ্ধে এঘড়ী যুঁজ দিব লগা হয়৷ 

পৰৱৰ্তী সময়ত তেওঁ ক'ব নোৱাৰাকৈয়ে শোষণ, বঞ্চনাৰ বিৰোধিতা কৰি নিষিদ্ধ কমিউনিষ্ট পাৰ্টিত মাওবাদী দলৰ সাংগঠনিক সদস্য হৈ পৰে৷ সংগঠনৰ সদস্য থকা কালছোৱাত ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰায় এটা দশকৰো অধিক কাল পৰিভ্ৰমণ কৰি থাকোতে নিৰাপত্তাৰক্ষীৰ হাতত ২০১৭ চনত গ্ৰেপ্তাৰ হয়৷ জেলত থকা কালছোৱাতে তপনে উপলব্ধি কৰে যে তেওঁৰ বিষয়বস্তুবোৰ অস্ত্ৰৰে নহয় বৰং চিত্ৰকলাৰ জৰিয়তে তেওঁ সমাজৰ বিভিন্ন জ্বলন্ত সমস্যা দাঙি ধৰিব৷ 

সেই উদ্দেশ্যেৰে নিজ বাসগৃহতে পুনৰ ৰং তুলিকা হাতত তুলি লয় ৷ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শতাধিক অনলাইন প্ৰতিযোগিতা MBH International Art Group, London Art Eye, The painted world, Gold Brazilian Art, Europa art Clubত অংশগ্ৰহণ কৰি প্ৰশংসা বুটলিছে৷ চলিত বৰ্ষতে ব্ৰাজিল আৰু গ্ৰীচৰ এথেন্সত শিল্পকলাৰ প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুযোগ লাভ কৰিও আৰ্থিক দুৰাৱস্থাৰ বাবে তাত উপস্থিত হবলৈ অপাৰগ হ'ল৷ 

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলেও অদূৰ ভৱিষ্যতে সেই আশা নিশ্চয় পুৰণ হ'ব বুলি দৃঢ়মনা যুৱকজনে এই প্ৰতিবেদকক জানিবলৈ দিয়ে৷ যিসময়ত বিভিন্ন সশস্ত্ৰ সংগঠনৰ নেতাই আত্মসমৰ্পণ কৰি পৰৱৰ্তী সময়ত নামী-বেনামী সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে ঠিক একে সময়তে সমপৰ্যায়ৰ নেতা তপনে নিজ বাসগৃগহতে "স্কুল অৱ আৰ্ট এণ্ড ক্ৰাফট" নামৰ চিত্ৰকলা প্ৰশিক্ষণ কেন্দ্ৰ খুলি নিজৰ কলাত্মক মনটোক বিকশিত কৰাৰ লগতে বহুতো ছাত্ৰ-ছাত্ৰীক চিত্ৰকলাৰ প্ৰতি আগ্ৰহী কৰি ৰং তুলিকাৰে বিশ্ব জয় কৰিবলৈ সপোন দেখুৱাইছে ৷