গুৱাহাটীঃ আগন্তক লোকসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম চৌধুৰীয়ে কয় যে কংগ্ৰেছ দলৰ সৈতে কোমো মিত্ৰতা হোৱা নাই। তেওঁ লগতে কয়, ”আমাক মিত্ৰতা কৰাৰ বাবে ৰাহুল গান্ধীয়ে প্ৰস্তাৱ দিছিল। অসম প্ৰদেশ কংগ্ৰেছ দলে মিত্ৰতা নকৰোঁ বুলি প্ৰতিবাদ কৰাত সেই মিত্ৰতা নহ’ল।’’
আনহাতে মিত্ৰতা যদি হোৱা নাই তেন্তে কিয় সকলো সমষ্টিতে প্ৰাৰ্থী দিয়া হোৱা নাই বুলি সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত তেওঁ কয় আমি বিজেপি -অগপক পৰাস্ত কৰাৰ বাবে ধৰ্মনিৰপেক্ষ দলসমূহক সুবিধা দিছোঁ। যিটো সমষ্টিত আমাৰ জয় নিশ্চিত সেই সমষ্টিত আমি প্ৰাৰ্থী দিছোঁ।