গুৱাহাটীঃ অজমল-ভীতি সৃষ্টিয়েই এতিয়া বিজেপিৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ একমাত্ৰ কৌশল হৈ পৰা পৰিলক্ষিত হৈছে। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ দৰে এইবাৰো দলটোৰ প্ৰতিজন নেতা-কৰ্মীয়ে কংগ্ৰেছ আৰু বিজেপিৰ মাজত ‘গোপন’ মিত্ৰতা হৈছে বুলি বহুল প্ৰচাৰ চলাইছে।
কংগ্ৰেছৰ নেতৃত্বই ইয়াক অস্বীকাৰ কৰিলেও আজমল-ভীতি সৃষ্টি অব্যহত ৰাখিছে বিজেপিয়ে। কংগ্ৰেছ আৰু এআইইউদিএফৰ গোপন বুজাবুজিৰ সন্দৰ্ভত গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থিত্ববঞ্চিত সাংসদ বিজয়া চক্ৰৱৰ্তীয়েও মঙলবাৰে একেই মন্তব্য কৰে।