গুৱাহাটীঃ অৱশেষত নিশ্চিত হ'ল অহা ৯ জুনত খালী হ'বলগীয়া ৰাজ্যসভাৰ আসনৰ দুখনৰ এখন আসন মিত্ৰতা সূত্ৰে অগপই লাভ কৰাটো। যোৱা তিনিদিন ধৰি দিল্লীত বিজেপি শীর্ষ নেতৃত্বৰে আলোচনাৰ অন্তত অহা ৯ জুনত খালী হ'বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ দ্বিতীয় আসন লাভ কৰিব অগপই।

উল্লেখ যে অগপই লাভ কৰা আসনখনত অগপ প্ৰাৰ্থী হিচাপে ৰাজ্যসভালৈ প্ৰক্ষেপ কৰা হ'ব দলটোৰ শীর্ষ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক। এই কথা নতুন দিল্লীত অগপ শীর্ষ নেতৃত্বই নিশ্চিত কৰিছে।

আনহাতে ৰাজ্যসভাৰ অন্যখন আসনৰ বাবে বিজেপি প্ৰাৰ্থী কোন হ’ব সেই কথা এতিয়ালৈকে দলটোৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। উল্লেখ যে বিজেপিয়ে অসমৰ এখন আসনৰপৰা ৰামবিলাস পাচোৱানক ৰাজ্যসভালৈ নিৰ্বাচন কৰিবলৈ ওলাইছিল যদিও শেষ মূহুৰ্তত অগপক এখন আসন এৰি দিব লগা হোৱাত কৰ্তন কৰা হৈছে ৰামবিলাস পাচোৱানৰ নাম।

তাৰ পৰিৱৰ্তে এতিয়া বিজেপি আসনখনত অসমৰ এজন বিজেপি নেতাই প্ৰতিদ্বন্দ্বিতা কৰিব। বিজেপিৰ এক শীর্ষ সূত্ৰৰ মতে 'নেডা’ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ আসনখনৰপৰা ৰাজ্যসভালৈ নিৰ্বাচন কৰি কেন্দ্ৰীয় কেবিনেত এক দায়িত্ব দিয়াৰ বাবে চিন্তা কৰিছে বিজেপি নেতৃত্বই। 

আনহাতে আসনখনৰ বাবে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই, ৰমেন ডেকাৰ দৰে নেতাসকলেও আবেদন কৰিছে।