♦ ৰাহুল গান্ধীয়ে সম্ভাব্য ৩৯ প্ৰাৰ্থীৰপৰা বাছিব চূড়ান্ত ১১ প্ৰাৰ্থী
গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সৰু-বৰ সকলো দল। সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ।
অসম প্ৰদেশ কংগ্ৰেছ দলে অসমৰ ১৪ খন লোকসভা আসনৰ ১১ খন আসনৰ বাবে মুঠ ৩৯ গৰাকীৰ সম্ভাব্য প্ৰাৰ্থী তালিকা ইতিমধ্যে চূড়ান্ত কৰিছে কৰি প্ৰেৰণ কৰিছে হাইকমাণ্ডলৈ।
এই ৩৯ গৰাকীৰ মাজৰপৰাই ১১টা লোকসভা সমষ্টি বাবে চূড়ান্ত প্ৰাৰ্থী নিৰ্বাচন কৰিব ৰাহুল গান্ধীয়ে। তালিকাত অন্তভুক্তি হোৱা সম্ভাব্য প্ৰাৰ্থী সমূহ ক্ৰমে,
ধুবুৰীতঃ ৱাজেদ আলি চৌধৰী, ডক্টৰ মতিওৰ মণ্ডল, আমজাদ আলি আৰু আব্দুল হানিফ।
বৰপেটাতঃ শ্বেৰমান আলি, আব্দুল হাই নাগৰিক, আব্দুল খালেক আৰু শংকৰ প্ৰসাদ ৰায়।
গুৱাহাটীতঃ ভুৱনেশ্বৰ কলিতা, ববিতা শৰ্মা, বলিন বৰদলৈ আৰু ৰমেন বৰঠাকুৰ।
ডিব্ৰুগড়তঃ মনোজ ধানোৱা, পৱন সিং ঘটোৱাৰ, ৰাজু চাহু।
যোৰহাটতঃ গায়ত্ৰী সন্দিকৈ, সুশান্ত বুঢ়াগোহাঁই, শুভামিত্ৰা গগৈ।
কৰিমগঞ্জতঃ স্বপন দাস আৰু ৰাজা দাস।
কুকুৰাঝাৰতঃ দুৰ্গা দাস বড়ো, জমন সিং ব্ৰহ্ম আৰু শব্দ ৰাভা।
নগাঁৱতঃ প্ৰদ্যুত বৰদলৈ, ৰমেশ বৰদলৈ, দুৰ্লভ চমোৱা আৰু বিষ্ণু প্ৰসাদ।
তেজপুৰতঃ দিলীপ বৰুৱা, শান্তিয়াজ কোজু, এম জি কে ভানু আৰু অভিজিত হাজৰিকা।
লখিমপুৰতঃ যোগেশ পেগু, জয়প্ৰকাশ দাস, অনিল বুঢ়াগোহাঁই, শৈলেন সোনোৱাল।
মংগলদৈতঃ ডক্টৰ জয়নাথ শৰ্মা, দ্বিজেন শৰ্মা, ৰূপা ৰাণী দাস আৰু ভুৱনেশ্বৰ কলিত নাম অন্তভুক্তি হৈছে।
আনহাতে অন্য তিনিটা সমষ্টিৰ বাবে কংগ্ৰেছ দলে ইতিমধ্যে চূড়ান্ত কৰিছে প্ৰাৰ্থী। সেই অনুযায়ী কলিয়াবৰ লোকসভাৰ প্ৰাৰ্থী বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ, শিলচৰৰ বাবে সাংসদ সুস্মিতা দেৱ আৰু ডিফু সমষ্টি বাবে নিৰ্বাচন কৰিছে বীৰেন সিং ইংতি।