গুৱাহাটীঃ শ্ৰীলংকাত ISISৰ ভয়ংকৰ আক্ৰমণৰ পাছত এইবাৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে হাই এলাৰ্ট জাৰি কৰা হৈছে অসমতো।
গুৱাহাটীৰ মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচন আৰু উচ্চ ন্যায়ালয়ত চোৰাংচোৱাৰ বিশেষ সতৰ্ক জাৰি। এই কথা প্ৰকাশ অসম আৰক্ষীৰ গৃহ বিভাগৰ। চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠটোৱে এইবাৰ টাৰ্গেত হিচাপে ৰাখিছে জনবহুল গুৱাহাটীৰ মহানগৰীক।
অসম আৰক্ষীৰ হাতত ISISৰ কুটাঘাটৰ ব্লুপ্ৰিন্ট ইতিমধ্যে পৰিছেহি। অসম আৰক্ষীৰ হাতত এই খবৰ আহি পৰাৰ লগে লগে এতিয়া গুৱাহাটীৰ মহানগৰীৰ হাই এলাৰ্ট জাৰি কৰা হৈছে৷ স্থানসমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। মহানগৰীৰ স্পৰ্শকাতৰ অঞ্চলসমূহত জনসাধাৰণৰ প্ৰতি আৰক্ষীয়ে জাৰি কৰিছে বিশেষ হতৰ্কবাণী।
সেই অনুসৰি জনসাধাৰণৰ প্ৰতি আৰক্ষীৰ আহ্বান কোনো সন্দেহজনক ব্যক্তি, বেগ আদি প্ৰত্যক্ষ কৰা লগে লগে খবৰ দিয়ক আৰক্ষীক।
ইফালে চোৰাংচোৱা সতৰ্কবাণীৰ পাছতে ISISৰ আক্ৰমণক প্ৰতিহত কৰাৰ বাবে অসম আৰক্ষীৰ শীৰ্ষ সহলে সঘনে বহিছে গোপন বৈঠকত। আত্মঘাটি বোমাৰুক কেনেদৰে চিনাক্ত কৰিব পৰা যাব সেই সম্পৰ্কতো কৰা হৈছে আলোচনা।
ইফাল মহানগৰী আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে জনসাধাৰণক নিজৰ দায়িত্ব পালন কৰি আৰক্ষীক সহায় কৰিবলৈ আহ্বান জনায়।