গুৱাহাটীঃ নিৰ্বাচনী কৰ্তব্যত সাংবাদিকসকল কিদৰে সচেতন হ’ব লাগে সেই বিষয়ে সজাগতা সৃষ্টিৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত এক কৰ্মশালা আয়োজন কৰা হয়।
সমাগত নিৰ্বাচনত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে আৰু এই বিশাল নিৰ্বাচনী প্ৰক্ৰিয়া বা-বাতৰিৰ পৰিৱেশনৰ ক্ষেত্ৰত সাংবাদিকে সাৱধানতা অৱলম্বনৰ প্ৰয়োজনীয়তা আছে। নিৰ্বাচনত বিভিন্ন পক্ষই নিজৰ সপক্ষে বাতৰি প্ৰকাশৰ বাবে ভুল তথ্য যোগান ধৰে। সেয়ে সংবাদ মাধ্যম এই ক্ষেত্ৰত সচেতন নহ’লে তেনে তথ্যই চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত ক্ষতিকাৰক হ’ব পাৰে।
তদুপৰি সাংবাদিক সকলে নিজৰ সুৰক্ষাৰ কাৰণে কিছু নিয়ম মানি চলা প্ৰয়োজন আছে। কমিটী টু প্ৰটেক্ট জাৰ্ণালিষ্ট নামৰ আন্তৰ্জাতিক সন্থাৰ ভাৰতৰ প্ৰতিনিধি কুনাল মজুমদাৰে বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত এই মন্তব্য প্ৰকাশ কৰে।
তেওঁ কয় যে সমগ্ৰ বিশ্বতে সাংবাদিকৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ বৃদ্ধি পাইছে আৰু ভাৰতটো এনে ঘটনাৰ বিৰল নহয়। এতিয়া এখন শান্তিপূৰ্ণ দেশতো সাংবাদিকক নিৰ্যাতনৰ ঘটনাৰ দেখা পোৱা যায়। ছ'চিয়েল মিডিয়াই এই ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰিছে। আনকি ৰাজনৈতিক শক্তিয়ে এই মাধ্যমৰ অপ-ব্যৱহাৰ কৰি জনসাধৰণক বিভ্ৰান্ত কৰি তুলিছে।
সেয়েহে সাংবাদিকসকলৰ দায়িত্ব আজিৰ তাৰিখত বৃদ্ধি পাইছে। বিশেষকৈ আঘোষিত সূত্ৰৰপৰা অহা তথ্য ব্যৱহাৰত সাংবাদিকসকল সচেতন হ’ব লাগিব। মজুমদাৰে লগতে সাংবাদিকসকল তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰত বিচক্ষণতা প্ৰয়োজন আছে বুলি মন্তব্য কৰে।
আনহাতে গুৱাহাটীৰ প্ৰেছ ক্লাবৰ সম্পাদক নৱ ঠাকুৰীয়াই অধিক সংখ্যক ভোটাৰ ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আৰু ভোটাৰে সঠিক সিদ্ধান্তৰে গ্ৰহণযোগ্য চৰকাৰ গঠনৰ পথত সাংবাদিকসকলে অগ্ৰণীয়া ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি মত প্ৰকাশ কৰে।
অনুষ্ঠানত পিটিআইৰ দুৰ্বা ঘোষ জ্যেষ্ঠ সাংবাদিক বিমান চন্দ্ৰ হাজৰিকা, ৰামন বৰা, অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, জ্যেষ্ঠ সাংবাদিক দেৱজিত তালুকদাৰ উপস্থিত থাকে।