৩১ মাৰ্চৰ ভিতৰত হব নিযুক্তি

গুৱাহাটী,৫ জানুৱাৰীঃ শীঘ্ৰেই নিযুক্তি দিয়া হব ২২ হাজাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক৷এই কথা সদৰী কৰে শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগুৱে৷তেওঁ জনায় যে অসম চৰকাৰে ২০২২ চনত ২২,০০০ শিক্ষকক চাকৰি প্ৰদান কৰিব। ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড°ৰানোজ পেগুৱে ৪ জানুৱাৰীত সাংবাদিকৰ সৈতে এই খবৰটো ভাগ বতৰা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাৰ্থীসকলৰ নথি পত্ৰ পৰীক্ষণৰ কাম চলি আছে আৰু ৩১ মাৰ্চৰ ভিতৰত নিযুক্তি ঘোষণা কৰা হব৷

মন্ত্ৰীগৰাকীয়ে জনায় যে অহা ২১ ফেব্ৰুৱাৰীত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হব আৰু আমাৰ মাতৃভাষাৰ জৰিয়তে শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হব,কিয়নো ইয়াক বুজিপোৱা সহজ৷