newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱৰ কনিষ্ঠ পুত্ৰ তেজস্বী যাদৱে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীত্বৰ বাবে যোগ্য বুলি দাবী কৰিছে৷ তেজস্বীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীক পূৰ্ণ সমৰ্থন আগবঢ়াই প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য বুলি দাবী কৰে৷

উল্লেখ্য যে, যোৱা মাহত কৰ্ণাটকত সম্পন্ন হোৱা বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ৰাহুল গান্ধীয়ে নিজৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষাৰ কথা প্ৰকাশ কৰিছিল৷ তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰি কৈছিল যে যদি ২০১৯ৰ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰে, তেন্তে তেওঁ প্ৰধানমন্ত্ৰী পদৰ বাবে সাজু আছে৷ কিন্তু প্ৰধানমন্ত্ৰীৰ পদৰ দৌৰত ৰাহুল গান্ধীৰ লগতে আন কেইবাগৰাকীও নেতাই যোগ দিয়া পৰিলক্ষিত হৈছে৷

বিৰোধী দলৰ নেতা মমতা বেনাৰ্জী, মায়াৱতী আৰু অখিলেশ যাদৱেও নিজকে প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য বুলি ঘোষণা কৰিছে৷ তেনে ক্ষেত্ৰত অন্য বিৰোধী দল সমূহে ৰাহুল গান্ধীক সমৰ্থন আগবঢ়াব নে নাই তাক লৈ চৰ্চা আৰম্ভ হৈছে৷ এই ক্ষেত্ৰত লালু পুত্ৰ তেজস্বীয়ে কয়, ‘সকলো নেতাই প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য৷ কিন্তু ব্যক্তিহত ভাৱে মই ৰাহুল গান্ধীক সমৰ্থন আগবঢ়োৱাত কোনো অসুবিধা নাই৷ এতিয়া আমি সকলো একেলগে আছো৷ ভৱিষ্যতেও থাকিম৷ নেতৃত্বৰ সৈতে সংযুক্ত প্ৰশ্ন কেৱল বিজেপিয়েহে উত্থাপন কৰি আছে৷ কাৰণ তেওঁলোকে আমাৰ একতাক লৈ ঈৰ্ষাম্বিত৷’

ইফালে ৰাহুল গান্ধীক সঠিক নেতৃত্বক লৈ সন্দেহ প্ৰকাশ কৰাটো কোনো নতুন কথা নহয় বুলিও মত প্ৰকাশ কৰিছে বিভিন্নজনে৷ বিৰোধীৰ একতা প্ৰমাণ কৰিবলৈ কংগ্ৰেছে ইফটাৰ পাৰ্টিৰ আয়োজন কৰিছিল বুলিও চৰ্চা চলিছিল৷ কিন্তু ৰাহুলৰ ইফটাৰ পাৰ্টিত কোনো জ্যেষ্ঠ নেতা উপস্থিত থকা পৰিলক্ষিত নহ’ল৷ যাৰ ফলত বিৰোধীক একত্ৰতি কৰাত ৰাহুল গান্ধী অসফল হোৱা বুলি ৰাজনৈতিক সচেতন মহলে মন্তব্য কৰিছে৷