ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ভগৱানস্বৰূপ বিশ্বজুৰি জনপ্ৰিয় ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰৰ আজি জন্মদিন উপলক্ষে অসংখ্য শুভকাংক্ষীয়ে শুভেচ্ছা জনায়।

৪৪ বছৰ বয়সত ভৰি দিয়া মহান তাৰকা গৰাকীৰ সতীৰ্থ বীৰেন্দৰ সেহৱাগে অন্য এক ধৰণে শচীনক জন্মদিনৰ শুভেচ্ছা জনায়। সেহৱাগে শচীনৰ লগত ফ্লাইটত উঠা ফটো এখন শ্বেয়াৰ কৰে য'ত শচীন শুই থকা অৱস্থাত দেখা পোৱা গৈছে।

সেহৱাগে উল্লেখ কৰে যে 'মানুহৰ বাবে অপৰাধ কৰা উত্তম সময় হৈছে যেতিয়া ভগৱান শুই থাকে, সেইজন ব্যক্তিক জন্মদিনৰ অজশ্ৰ শুভেচ্ছা থাকিল যিজন ভাৰতত সময়কো ৰখাই থ'ব পাৰে।’

ভাৰতীয় ক্ৰিকেট টীমৰ প্ৰশিক্ষক অনিল কুম্বলেও শচীনৰ জন্মদিনৰ শুভেচ্ছা জনাই কয় যে 'গোটেই পৃথিৱীখনেই শচীনৰ মাজত সকলোতকৈ প্ৰেৰণা দিবপৰা খেলুৱৈ গৰাকীক দেখে।’

তাৰোপৰি বিচিচিআইয়েও মহান তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাই শচীনৰ শেষৰ টেষ্ট মেচ এখনৰ ফটো শ্বেয়াৰ কৰে। ভাৰতৰ বক্সাৰ চেম্পিয়ন বীজেন্দৰ সিঙেও তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।