ডিজিটেল ডেস্কঃ পুনৰ ৰক্তাক্ত হৈ পৰিল বিশ্বৰ অন্যতম সন্ত্ৰাসবাদৰ থলী হিচাপে জনাজাত ইৰাক৷ ইৰাকত পুনৰ চলিছে সন্ত্ৰাসৰ আতংক৷ ধৰ্মীয় অনুভূতিৰ প্ৰেক্ষাপটত সঘনেই ইৰাকত সংঘটিত হয় হত্যা, হিংসা, গুলীবৰ্ষণ আদিৰ দৰে ঘটনা৷ দেশখনৰ বৃহত্তৰ ধৰ্মীয়বাদৰ মাজত চিয়া আৰু চুন্নীৰ মাজত মতভেদ দেখা যায়৷
যাৰ ফলত এই দুই সম্প্ৰদায়ৰ মাজত সঘনে সৃষ্টি হয় সাম্প্ৰদায়িক সংঘাত৷ আনহাতে ইৰাক আৰু চিৰিয়াৰ মুচলমানী সত্বাৰ বাবে গঠিত হোৱা আই এছ আই এছৰ প্ৰভাৱে ইৰাকত এই সাম্প্ৰদায়িক ভাৱভংগী বৃদ্ধি কৰা পৰিলক্ষিত হয়৷