ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ বলি হ’ল লণ্ডন৷ এইবাৰ মুছলমান সম্প্ৰদায় লোক অধ্যূষিত এলেকা বাচি ল’লে সন্ত্ৰাসবাদীয়ে। সোমবাৰে মাজৰাতি সন্ত্ৰাসবাদীৰ আক্ৰমণে কঁপালে চহৰখনৰ উত্তৰ অংশ৷
এটা মছজিদৰ ওচৰত সন্ত্ৰাসবাদীয়ে গাড়ীৰে পদচাৰীক মহতিয়াই নিয়ে সন্ত্ৰাসবাদীয়ে৷ পথেৰে গৈ থকা পথচাৰীক গাড়ীৰে মহতিয়াই থৈ যোৱাৰ ফলত ১৮ জনৰো অধিক লোক আহত হয়৷ উক্ত ঘটনাত মৃত্যু হৈ এজন ব্যক্তিৰ৷ চহৰখনৰ চেভেন চিষ্টাৰ্ছ পথত সংঘটিত হয় এই ঘটনা৷ আক্ৰমণৰ লগত জড়িত এগৰাকী ব্যাক্তিক আটক কৰা হৈছে৷