টেক্সাছঃ গৰ্ভপাতৰ পিছত এইবাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰত হস্তমৈথুন বিতৰ্ক। এখন নাভূত-নাশ্ৰুত বিধেয়কৰ প্ৰস্তাৱ আগবঢ়াইছে এগৰাকী মাৰ্কিন নেত্ৰীয়ে। স্বাস্থ্যসেৱাৰ বিধি নিৰ্ধাৰণ কৰা জেচিকা ফাৰাৰ নামৰ নেতৃগৰাকীৰ মতে নিদানিক অনুমতি পোৱা হস্তমৈথুনত কোনো আপত্তি নাই।
কিন্তু তাৰ বাদে আন যিকোনো প্ৰকাৰৰ হস্তমৈথুনেই হৈছে জন্মৰ পূৰ্বেই শিশুহত্যা। ‘পুৰুষক জনাৰ অধিকাৰ’ শীৰ্ষক অভিযান চলোৱা জেচিকাৰ মতে নাৰীৰ ওপৰত যৌনবিষয়ক নিষেধাজ্ঞাসমূহৰ দৰে পুৰুষৰ ওপৰতো কেতবোৰ নিষেধাজ্ঞা থকাৰ প্ৰয়োজন।