57
ডিজিটেল ডেস্কঃ আমেৰিকাত বন্দুকধাৰীৰ সন্ত্ৰাস অব্যাহত আছে। দেওবাৰে পূৱা টেক্সাছৰ এটি গির্জাত অতৰ্কিতে গুলী চলোৱাৰ ফলত ২৭ জন লোকৰ মৃত্যু হয়। আহত হয় প্ৰায় ১৫ জন লোক।
পুৱা স্থানীয় সময় অনুসৰি ১১.৩০ বজাত টেক্সাছৰ চেন্ট এন্টনিও চহৰৰ দক্ষিণ-পূর্বত চাদাৰল্যাণ্ড স্প্রিংচ অঞ্চলত ফাৰ্ষ্ট ব্যাপটিষ্ট চার্চৰ ভিতৰত বন্দুকধাৰী সোমাই হঠাৎ গুলী চালোৱাত হুৱা-দুৱা লাগে। অজ্ঞাত বন্দুকধাৰীয়ে চলাই এই গুলী।