![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/download_76.jpg?itok=4tZOZAot)
ডিজিটেল ডেস্কঃ আমেৰিকাত বন্দুকধাৰীৰ সন্ত্ৰাস অব্যাহত আছে। দেওবাৰে পূৱা টেক্সাছৰ এটি গির্জাত অতৰ্কিতে গুলী চলোৱাৰ ফলত ২৭ জন লোকৰ মৃত্যু হয়। আহত হয় প্ৰায় ১৫ জন লোক।
পুৱা স্থানীয় সময় অনুসৰি ১১.৩০ বজাত টেক্সাছৰ চেন্ট এন্টনিও চহৰৰ দক্ষিণ-পূর্বত চাদাৰল্যাণ্ড স্প্রিংচ অঞ্চলত ফাৰ্ষ্ট ব্যাপটিষ্ট চার্চৰ ভিতৰত বন্দুকধাৰী সোমাই হঠাৎ গুলী চালোৱাত হুৱা-দুৱা লাগে। অজ্ঞাত বন্দুকধাৰীয়ে চলাই এই গুলী।
প্রত্যক্ষদর্শীৰ মতে, গুলীবৃষ্টিত ঘটনাস্থলিতেই মৃত্যু হৈছে ২৭ জন লোকৰ। গুলীত আঘাট প্ৰাপ্ত হৈছে দু’টি দুই বছৰৰ শিশু-সহ ১৫ জন।
উইলচন কাউন্টি কমিচনাৰ অ্যালবার্ট গামেজ জুনিয়ৰে আৰক্ষীৰ গুলীত মৃত্যু হয় বন্দুকধাৰীৰ। খবৰ পোৱাৰ লগে লগেই ঘটনাস্থলিত উপস্থিত হয় এফবিআইৰ এটি দল। আহতসকলক ততাতৈয়াকৈ হস্পিতাললৈ নিয়া হয়৷ স্থানীয় বাসিন্দাই জনোৱা অনুসৰি, দেওবাৰে প্রার্থনাৰ সময়ত গির্জাৰ ভিতৰত অন্তত ৫০ জন লোক উপস্থিত আছিল।