newsnextone.com| তেজপুৰঃ নিশা দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যুক সাৱতি লোৱা ৰূপম কলিতা আৰু মোহন দাসক স্মৰণ কৰি মিলনপুৰৰ বকুল তলত যুৱক বৃন্দই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখ্যযে ৰূপম কলিতা বালিপুখুৰি তিনিআলিৰ পৰা প্ৰকাশিত অধুনালুপ্ত বা-বাতৰি কাকতৰ লগত জৰিত আছিল আৰু নাটক, ভাওনা এগৰাকী সুদক্ষ অভিনেতাৰ লগতে অঞ্চলটো বিভিন্ন অনুষ্ঠানত লগতো জৰিত আছিল ৰূপম কলিতা। অন্যজন যুৱক মোহন দাস গৃহৰক্ষী বাহিনী জোৱান হোৱাৰ লগতে মিলনপুৰৰ একাধিক অনুষ্ঠানৰ লগতো জৰিত আছিল। ৰূপম কলিতা অবিবাহিত আছিল যদিও মোহন দাসে ৫ বছৰীয়া কন্যা আৰু পত্নী সহ আত্মীয়ক এৰি গৈছে৷