তেজপুৰঃ মঙলবাৰে মাজনিশা গুৱাহাটীৰ হোটেল ৰেডিচেন ব্লুত অগপ আৰু বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত দুয়োটা দলে আগন্তুক নিৰ্বাচনত একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সংকল্প গ্ৰহণ কৰে৷ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি দুয়োটা দলে কংগ্ৰেছক পৰাজিত কৰাৰ স্বাৰ্থত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব৷ কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থতে পুনৰবাৰ মিত্ৰজোঁটত চামিল অগপ৷ 

ইফালে, মঙলবাৰে অগপ আৰু বিজেপিৰ মিত্ৰতাৰ প্ৰসংগ সম্পৰ্কত তেজপুৰ জিলা অগপৰ সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অগপ-বিজেপি মিত্ৰতাৰ সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব।

অগপ দলৰ শোনিতপুৰ জিলা সমিতিয়ে লগতে কয় যে জিলা সমিতিসমূহৰ লগত কোনো আলোচনা নোহোৱাকৈয়ে মঙলবাৰে পুনৰ বিজেপিৰে মিত্ৰতা গঢ়ি উঠাক লৈ দলৰ আভ্যন্তৰ আৰু তৃণমূল কৰ্মীৰ মাজত তীব্ৰ ক্ষোভ হৈছে।

আনহাতে অগপ জিলা সমিতিৰ কৰ্মকতাসকল এই মিত্ৰতাৰ লগত তেজপুৰ জিলা সমিতি নাই বুলিত মন্তব্য কৰে। তেজপুৰ জিলা অগপ কাৰ্যালয়ত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে দলীয় কৰ্মকতাৰ লগত আলোচনা কৰে আৰু মিত্ৰতা সম্পৰ্কত গোস্বামীয়ে মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷