newsnextone.com ।। তেজপুৰঃ   ভাদ মাহ মানেই এতিয়া ৰাজ্যজুৰি কেৱল ভক্তি ৰসৰ বন্যা । দবা-শংখ আৰু হৰিনামৰ ধ্বনিত কেউফালে গুঞ্জৰিত হৈছে ভক্তিৰ অমিয়া ৰস । ভাদ মাহৰ পহিলা দিনটোৰ পৰাই সমগ্ৰ অসমতে আৰম্ভ হৈছে ভদীয়া নাম । ৰাজ্যৰ আনসমুহ ঠাইৰ লগতে শোনিতপুৰ জিলাৰ তেজপুৰৰ ঐতিহাসিক মহাপুৰুষ দুজনাৰ সৃষ্ট নামঘৰতো দেখা গ'ল ভক্তপ্ৰাণ বৈষ্ণৱৰ ভিৰ ।

ধূপ-চাকি, শৰাই-নৈবদ্যৰে অগনন ভক্তৰ ভিৰ দেখা গ'ল  তেজপুৰবৰনামঘৰত । একেধৰনে ভক্তৰ ভিৰ  দেখা  গল । তেজপুৰৰ অন্যতম ধৰ্মীয় অনুষ্ঠান নামঘৰ শাখা সত্ৰত । এক ভক্তিময় পৰিবেশত পুৱাৰে পৰা ধূপ-চাকি, শৰাই-নৈবদ্যৰে নিজ নিজ পৰিয়ালৰ মংগলৰ কামনাৰ্থে প্ৰভুৰ শ্ৰীচৰণত শৰণাগত হোৱা দেখা গল। অগনন ভক্তক  ভাদ মাহৰ প্ৰথমটো বৃহস্পতিবাৰ  দিনটোত পৱিত্ৰ  দেৱগোস্বামী প্ৰভুৰ উপস্থিতিয়ে নাম কীৰ্তন পৰিবেশ অধিক গুৰুগম্ভীৰ কৰি তোলে ।