49
তেজপুৰঃ আগন্তুুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ৷ ইয়াৰে অংশৰূপে শনিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বি জে পি দলে বাহিৰ কৰে এক বাইক ৰেলী।
তেজপুৰতো বি জে পিৰ গাভৰু ব্লক মণ্ডলৰ উদ্যোগত বাহিৰ কৰা এই বাইক ৰেলীত কেইবাশতাধিক বি জে পি কৰ্মীয়ে অংশগ্ৰহণ কৰে। মাজগাঁৱৰপৰা তেজপুৰ চহৰৰ মাজৰে কৰা এই বাইক ৰেলী ফ্লেগ অফ কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই।