তেজপুৰঃ বৰ্তমান প্ৰাৰ্থীত্ব আৰু মিত্ৰতাক কেন্দ্ৰ কৰি চৌদিশে চলি থকা চৰ্চাৰ সময়তে মঙলবাৰে তেজপুৰ জিলা অসম গণ পৰিষদে  বহুকেইটা গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰে। 

কালি তেজপুৰ জিলা অ গ পৰ কাৰ্য্যালয়ত অনুষ্ঠিত সভাত গ্ৰহণ কৰা প্ৰস্তাৱ জানিবলৈ দি অ গ প নেতা অঞ্জন গোস্বামীয়ে কয় যে তেজপুৰ জিলা সমিতিয়ে অ গ প বিজেপি মিত্ৰতা যাতে নহয় সেই সিদ্ধান্তত অটল আছে আৰু জিলা সমিতিৰ তৰফৰপৰা কেন্দ্ৰীয় সমিতিক জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ 

তেওঁ লগত কয় যে অসম গণ পৰিষদ দলে তেজপুৰ সমষ্টিৰ বাবে অগপ দলৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীক টিকট দিবৰ বাবে দাবী জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। একেদৰে দল বিৰোধী কাৰ্য্যকলাপৰ বাবে কেন্দ্ৰীয় সম্পাদক শিৱচৰণ চাহুক দলৰ প্ৰাথমিক সদস্যৰ পৰাও বহিস্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়৷