তেজপুৰঃ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় দিন ক্ৰমে চমু চাপি অহাত প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰ ৰাইজৰ মন আৰ্কষণ কৰিবলৈ দিনে-নিশাই উঠি-পৰি লগা পৰিলক্ষিত হৈছে।
শুকুৰবাৰে তেজপুৰ লোকসভা সংসদীয় সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত কেইবা সহস্ৰধিক ৰাইজৰ উপস্থিতিত তেজপুৰৰ কলেজিয়েট খেলপথাৰত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। বিজেপি নেতা বি কে নাথ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত তেজপুৰ লোকসভা সমষ্টিৰপৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা মন্ত্ৰী পল্লৱ লোচন দাস, ঋতুবৰণ শৰ্মা উপস্থিত থাকে।