newsnextone.com | তেজপুৰঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত তেজপুৰৰ দল-সংগঠনেও প্ৰতিবাদ অব্যাহত ৰাখিছে বিধেয়ক খনৰ বিৰুদ্ধে৷ মঙলবাৰে তেজপুৰত সাংবাদিকৰ নেতৃত্বত কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে বিধেয়কৰ বিৰুদ্ধে৷ 

জাতিদ্ৰোহী বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যৰ সাংবাদিক সংগঠন আৰু সাংবাদিকসকলেও প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ এইবাৰ বিধেয়ক খন বাতিলৰ দাবীত প্ৰতিবাদ নামিল ঊষা নগৰী তেজপুৰৰ সাংবাদিক৷ 

শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ আহ্বানত তেজপুৰত সাংবাদিসকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সাংবাদিসকলে তেজপুৰ আদালত চাৰিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি গ’বেক, নৰেন্দ্ৰ মোডী হুচিয়াৰ, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল’গানেৰে ৰাজপথ কঁপাই তোলে৷

প্ৰতিবাদী সাংবাদিকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি শীঘ্ৰে অসম চৰকাৰক বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে স্পষ্ট মত দিবলৈ দাবী জনায়৷ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন এই বিধেয়ক কোনো কাৰণতে গ্ৰহণ যোগ্য হ’ব নোৱাৰে বুলি কৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সকলো পক্ষক একত্ৰিত হোৱাৰ আহ্বান জনায়৷