তেজপুৰঃ তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰথমখন নিৰ্বাচনী সভা বৃহস্পতিবাৰে অনুষ্ঠিত কৰাৰ পিছত বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷
দাসে কয় যে “কংগ্ৰেছ কা হাত দালালো কী সাথ” সেয়ে কংগ্ৰেছৰ কটা হাত, চুৰি কৰা হাত তেজপুৰ সমষ্টিৰপৰা চিৰ বিদায় দি বিভিন্ন জাতি জনগোষ্ঠী, ভাষা-ভাষী, সকলো ধৰ্মাৱলম্বী লোকৰ সম-অধিকাৰ, সম-বিকাশ, সম-মৰ্যদা প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰ। সেয়ে সংখ্যালঘু সংখ্যাগুৰু মিলি কৰিব লাগিব ভাৰতক বিশ্বগুৰু।