47
তেজপুৰঃ যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ স্বাৰ্থ বিঘ্নিত কৰিব, সেয়ে বিধেয়কখন আইনত পৰিণত কৰিবলৈ বিজেপিয়ে চেষ্টা কৰিব নালাগে৷ ইয়াৰদ্বাৰা অসম চুক্তিক লাঘু কৰা হ’ব আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণে নিজৰ ভাষা-কৃষ্টি-সংস্কৃতি হেৰুৱাব৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনৰ দিনটোতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই আহ্বান জনালে প্ৰধানমন্ত্ৰীজনক৷