তেজপুৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ উদমাৰী পঞ্চায়তৰ অন্তৰ্গত মোলানগাঁওৰ বালিপৰা ৰঙাপৰা পথ সংযোগী বাঁহৰ দলংখন বিগত বাৰিষাত বানপানীয়ে উটুৱাই নিয়াৰ পাছত আজি পৰ্যন্ত দলংখন নিৰ্মাণ নকৰাৰ প্ৰতিবাদত অাগন্তুক পঞ্চায়ত নিৰ্বাচনত মোলানগাঁওবাসীয়ে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে৷

ৰাইজে সংবাদ মাধ্যমক ক্ষোভেৰে জনায় যে সমষ্টিটোত পোন্ধৰে বছৰে শাসন কৰা প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতিৰ দিনৰেপৰা ৰাইজে জৰাসৰ নৈৰ ওপৰত থকা জৰাজীৰ্ণ দলংখন পকীকৰণৰ আশাত   বি জে পিৰ পল্লৱলোচন দাসক ভোট দি বিধায়ক হিচাপে জয়যুক্ত কৰিছিল৷ 

কিন্তু পল্লবলোচন দাসে গাঁওখনত ভোটাৰৰ সংখ্যা কম হোৱাৰ বাবেই দলংখন নিৰ্মাণৰ বাবে কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ কৰি ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে৷ | উক্ত দলংখন পকীকৈ নিৰ্মাণ কৰাৰ লিখিত আশ্বাস নিদিয়া পৰ্যন্ত গাঁৱত ভোট বিচাৰি যোৱাৰ ক্ষেত্রত সকলো প্ৰাৰ্থিকে বাধা প্ৰদান কৰিব বুলি ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে৷