তেজপুৰঃ অসমৰ পুৰণি তথা তেজপুৰৰ সাংসদ পি আৰ শৰ্মাই পদত্যাগ কৰিছে৷ এই বিষয়ত অসম চৰকাৰৰ ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত শৰ্মাৰ পদত্যাগে বিজেপিৰ কোনো ক্ষতি নহয় বুলি ৰাজহুৱাভাৱে বিস্ফোৰক মন্তব্য আগবঢ়ায়৷ 

মন্ত্ৰী দত্ত কয় যে তেজপুৰ লোকসভা সমষ্টিত নেপালী ভোটাৰে নিৰ্ণায়ক হ’ব নোৱাৰে৷ কিয়নো তেজপুৰ সমষ্টিত অসমীয়া ভোটাৰ ৪-৫৯ লাখ, চাহবাগিচা ভোটাৰ ৩-৫০ লাখ, আদিবাসী ভোটাৰ, বেঙ্গলী ভোটাৰ, বড়ো, মিছিং, কাৰ্বি ভোটাৰ যথেষ্ট নহয় গতিকে কোনো এটা সম্প্ৰদায়ৰ লোকে নিৰ্ণায়কৰ ভূমিকা ল’ব নোৱাৰে৷

শনিবাৰে বিয়লি তেজপুৰত সাংবাদিকৰ সাক্ষাৎ লোৱাত ৰাম প্ৰসাদ শৰ্মাৰ পদত্যাগ সম্পৰ্কত দাসে কয় যে এই ক্ষেত্ৰত পাৰ্টীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীৰ৷ লগতে পদত্যাগ পত্ৰ গ্ৰহণ সম্পৰ্কত শীৰ্ষ নেতৃত্বৰ দ্বাৰা অৱগত নহয় বাবে তাৎক্ষণিক মন্তব্য কৰাটো অসম্ভৱ বুলি কৌশলপূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে৷

আনহাতে, তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ টাকৈ বিধান সভা সমষ্টিৰ ভিতৰত ৮ টা সমষ্টিত বিজেপিৰ আৰু ১ টা সমষ্টিত অগপৰ বিধায়ক আছে বুলি উল্লেখ কৰি ইতিমধ্যে বিজেপিৰে অগপৰ মিত্ৰতা হোৱা বাবে বিজেপি প্ৰাৰ্থীৰ কোনো অসুবিধা নহয় বুলি মন্তব্য কৰে বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। ইয়াৰ উপৰিও, অগপৰে মিত্ৰতাৰ পাচত আগন্তুক লোকসভা নিৰ্বাচনত ১৪ খন আসনৰ ১২ খনেই লাভ কৰিব বুলিও দাবী কৰে মন্ত্ৰী ৰঞ্জিত দত্ত৷