তেজপুৰঃ শনিবাৰৰপৰা তেজপুৰৰ পল' ফিল্ডত অনুষ্ঠিত হয় "দীপাংকৰ বৰুৱা-ৰিদিপ বৰা সোঁৱৰণি All Assam Championship T20 ক্ৰিকেট খেল৷ 

T20 খেলৰ আৰম্ভণিৰ দিনটোত হাতত বল-বেট লৈ ক্ৰীড়াৰ পথাৰত নমি পৰা দেখা গ'ল বিধায়ক বৃন্দাৱন গোস্বামীৰ লগতে সাংসদ ৰাম প্ৰসাদ শৰ্মাক৷

ৰূপজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত খেলত সাংসদ শৰ্মাই খেলুৱৈসকলক শুভেছা জ্ঞাপন কৰি কয়, আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ ছিক্স মাৰিহে এৰিব৷ কেৱল ইমানেই নহয়, একেটা বলত তেওঁ মাৰিব ডাবল ছিক্স।

পঞ্চায়ত নিৰ্বাচনত ছিক্স মৰা বি জে পিয়ে লোকসভা নিৰ্বাচনতো ভাল ফল দেখুৱাবলৈ সক্ষম বুলি উল্লেখ কৰি সাংসদ শৰ্মাই তেওঁ নিজে চাৰি লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলিও পুনৰবাৰ দাবী কৰে৷