তেজপুৰঃ বৰছলা সমষ্টিৰ দক্ষিণ বৰছলা হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিজেপিৰ বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে পল্লৱলোচন দাসৰ হৈ প্ৰচাৰ চলায়।

সাংবাদিকৰে হোৱা কথা-বতৰাত তেওঁ কয়, কংগ্ৰেছৰ ক'ত নেতা আছে? কংগ্ৰেছৰ ক’ত নীতি আছে? দুৰ্নীতিয়েই তেওঁলোকৰ নীতি৷ কংগ্ৰেছৰ বিভাজনেই নীতি, কংগ্ৰেছে বিভাজন কৰে, সংঘাত সৃষ্টি কৰে আৰু সমাজত অশান্তিৰ সৃষ্টি কৰে৷ আজি ভাৰতত সকলো শ্ৰেণীৰ ৰাইজ সুৰক্ষিত৷ হিন্দু মুছলমান, খ্ৰীষ্টান, বৌদ্ধ সকলোৱে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সন্মানসহকাৰে জীৱন নিৰ্বাহ কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে ৰাইজক দৃঢ়তাৰে আগবঢ়াৰ সুযোগ প্ৰদান কৰাৰ বাবে চৌদেশে আনন্দ উল্লাস সৃষ্টি হৈছে৷

এআইইউডিএফ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, এইটো প্ৰমাণ হৈছে কংগ্ৰেছ দলে ৰাইজক সুৰক্ষিত কৰিব নোৱাৰে। কংগ্ৰেছে অবৈধ বিদেশীৰ ভোটেৰে নিৰ্বাচন পাৰ হোৱাৰ যি চেষ্টা কৰিছে এই কৌশল বৰাক-ব্ৰক্ষ্মপুত্ৰ-পাহাৰ-ভৈয়ামৰ ৰাইজে সৰ্বতোপ্ৰকাৰে প্ৰত্যাখ্যান কৰিব।

লগতে এইবাৰ ১৪ খন আসনৰ ভিতৰত ১২ খন আসনতেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ৰাইজে জয়ী কৰাব বুলি নিশ্চিত হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ 

বিজেপিৰ নিৰ্বাচনী সভাখনত উপস্থিত থাকি ভাষণ প্ৰদান কৰি বিজেপিৰ কেন্দ্ৰীয় নেতা তথা ৰাজ্যিক প্ৰভাৰী মহেন্দ্ৰ সিঙে। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আজি ভাৰতবৰ্ষলৈ শান্তি ঘূৰি আহিছে বুলি মন্তব্য কৰে৷ ৰাইজে এইবাৰো মোডীক পুনৰবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰি দুৰ্নীতিমুক্ত, সমৃদ্ধিশালী ভাৰত নিৰ্মাণ কৰিবলৈ বিজেপিক ভোটদান কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে৷য

প্ৰায় সাত সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাখনত অংশগ্ৰহণ কৰে বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘল, তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, অসম পাঠ্যপুথি প্ৰণয়ন প্ৰকাশন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰ, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাৰ লগতে বিজেপিৰ নেতা-কৰ্মীসকলে৷